শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

টুইংকল খান্নাৰ টুইটঃ অৰবিন্দ কেজৰিৱালৰ সমৰ্থক, কিন্তু বান্দৰ টুপী কিনিবলৈ ধন নাই…

611

ডিজিটেল ডেস্কঃ বহু সময়ৰ পৰা ৰূপালী পৰ্দাত দেখা নাপালেও, ছ’চিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাৰ এটা টুইট বৰ্তমান ভাইৰেল হৈ পৰিছে। ৰাজনীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক বিষয়ৰ ওপৰত মত প্ৰকাশ কৰা দেখা যায় টুইংকলক। পুনৰ তেওঁ কৰা এক টুইট ভাইৰেল হৈ পৰা দেখা গৈছে, য’ত বহু সংখ্যক লোকে মন্তব্য কৰিছে।

টুইংকল খান্নাই এখন ছবি ফটো শ্বেয়াৰ কৰিছে য’ত এটি কণমানি শিশুৱে মূৰত অন্তৰ্ৱাস পৰিধান কৰা দেখা পোৱা গৈছে। ফটোখন শ্বেয়াৰ কৰি তেওঁ এক প্ৰকাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰে। তেওঁ টুইটাৰত লিখিছে- ‘আপুনি অৰবিন্দ কেজৰিৱালৰ সমৰ্থক, কিন্তু আপোনাৰ তাত বান্দৰ টুপী ক্ৰয় কৰিবলৈ ধনৰ অভাৱ! মই এনেকুৱা কৰিবলৈ কোৱা নাই।’ টুইংকল খান্নাই এই টুইটাৰ দ্বাৰা অৰিবন্দ কেজৰিৱালক এক প্ৰকাৰ কটাক্ষ কৰা দেখা গৈছে। আৰু এই টুইটক লৈ বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি