‘টিভিৰ বিতৰ্কৰ অনুষ্ঠানে অধিক প্ৰদূষণ কৰিছে’ : দিল্লীৰ প্ৰদূষণ বিষয়ক শুনানিত উচ্চতম ন্যায়ালয়…

‘টিভিৰ বিতৰ্কৰ অনুষ্ঠানে অধিক প্ৰদূষণ কৰিছে’ : দিল্লীৰ প্ৰদূষণ বিষয়ক শুনানিত উচ্চতম ন্যায়ালয়…

দিল্লীৰ প্ৰদূষণ কিয় হৈছে সেই প্ৰশ্নৰ উত্তৰ ইমান সহজ নহয়। ইয়াৰ আঁৰত আছে বহু কেইটা কাৰক। কিন্তু দিল্লীৰ বায়ু প্ৰদূষণৰ কাৰক যিয়েই নহওক কিয় টিভিৰ বিতৰ্কৰ অনুষ্ঠানেহে দেশত অধিক প্ৰদূষণ কৰিছে। দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই কৈছে যে নিউজ চেনেলসমূহ বিতৰ্কই আটাইতকৈ বেছি প্ৰদূষিত কৰিছে।

বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰাজধানী দিল্লী আৰু এন চি আৰত বায়ু প্ৰদূষণৰ পৰিস্থিতিৰ এক শুনানি গ্ৰহণ কৰিছিল।এই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে টেলিভিছনত বিশেষকৈ নিউজ চেনেলত আদালতৰ প্ৰক্ৰিয়াবোৰ যিধৰণে দেখুওৱা হৈছে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে কৈছে যে, টিভি চেনেলবোৰে সীমা অতিক্ৰম কৰে। ইয়াত কিবা কোৱা হৈছে আৰু তেওঁলোকে কিবা দেখুৱাই থাকে। ইয়াৰোপৰি কয়, এনে লাগে যেন তেওঁলোকে কথাবোৰ বুজি নাপায়, তেওঁলোকে কেৱল তেওঁলোকৰ কাৰ্যসূচী বৃদ্ধি কৰি থাকে।

উচ্চতম ন্যায়ালয়ে কৈছে, প্ৰদূষণৰ বহুতো কাৰণ আছে, কিন্তু টিভি বিতৰ্কৰ ফলত আটাইতকৈ বেছি প্ৰদূষণ হৈছে। তেওঁলোকে বস্তুবোৰ একেবাৰে বুজি নাপায় আৰু বিবৃতিবোৰ প্ৰসংগৰ বাহিৰত পৰিবেশিত হয়। সকলোৰে নিজা এজেণ্ডা আছে আৰু ইয়াক বৃদ্ধি কৰাত নিয়োজিত হৈ আছে।

ইফালে দিল্লীৰ প্ৰদূষণ দূৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সাময়িকভাৱে কৃষকসকলক খৰি, নৰা আদি জ্বলোৱাত বাধা দিবলৈ পৰামৰ্শ দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে দিল্লী চৰকাৰৰ পৰামৰ্শদাতা অভিষেক মনু সিংভিক খৰিৰ জ্বলোৱাৰ ওপৰত কয় যে, আমি কৃষকসকলক শাস্তি দিব নিবিচাৰো। আমি ইতিমধ্যে কেন্দ্ৰক সেই কৃষকসকলক আগুৱাই নিবলৈ আৰু কমেও এসপ্তাহৰ বাবে খৰি জ্বলাব নিদিবলৈ অনুৰোধ জনাইছো। আমি দেখিছোঁ, টিভিত হোৱা বিতৰ্কে আন যিকোনো উৎসতকৈ অধিক প্ৰদূষণ সৃষ্টি কৰিছে। তাত সকলোৰে নিজা এজেণ্ডা আছে কিন্তু আমি ইয়াত সমাধান বিচাৰিবলৈ চেষ্টা কৰি আছো। গোচৰটোৰ পৰৱৰ্তী শুনানি ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in