শেহতীয়া খবৰ
ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...  •  প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি দেখি আৰক্ষীৰ পলায়ন...  •  প্ৰতিবাদকাৰীক খেদিবলৈ আৰক্ষীৰ পুনৰ পানী নিক্ষেপ... VIDEO  •  ছুপাৰমাৰ্কেটৰ ট্ৰেফিক পইণ্ট জ্বলালে প্ৰতিবাদকাৰীয়ে... EXCLUSIVE VIDEO  •  দিশপুৰত পানী মাৰি প্ৰতিবাদকাৰীক খেদিবলৈ চেষ্টা আৰক্ষীৰ...

পথ দুৰ্ঘটনাত নিহত জনপ্ৰিয় দুগৰাকী অভিনেত্ৰী…

4,197

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা বিকাৰাবাদ অঞ্চলত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় তেলেগু তথা হিন্দী ছবি জগতৰ দুগৰাকী জনপ্ৰিয় অভিনেত্ৰী। কেইবাখনো তেলেগু ছবি আৰু হিন্দী ধাৰাবাহিকত অভিনয় কৰা এই দুগৰাকী অভিনেত্ৰী হৈছে অনুষা ৰেড্ডী আৰু ভাৰ্গৱী। হায়দৰাবাদত ছবিৰ কিছু কাম কৰি পুৱতি নিশা দিল্লীস্থিত ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি, বুধবাৰে পুৱা অভিনেত্ৰী দুগৰাকী আহি থকা বাহনখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি হয়। ট্ৰাকৰ পৰা বাচিবলৈ অভিনেত্ৰী দুগৰাকীৰ বাহনখনে চেষ্টা কৰিছিল যদিও দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ এজোপা গছৰ খুন্দা মাৰে। দুৰ্ঘটনাৰ সময়ত বাহনখনত মৃত অভিনেত্ৰী দুগৰাকীৰ বাহিৰে আন দুগৰাকী অভিনেত্ৰীয়ো আছিল। তেওলোকক সংকটজনক অৱস্থাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অভিনেত্ৰী দুগৰাকীৰ মৃত্যুৰ খবৰে তেলেগু ছবিজগতত শোকৰ ছাঁ পেলাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি