‘আমাক ৰামায়ণ চাবলৈ দি, তোমালোকে প’ৰ্ণ চাই থাকা…’- কোন বলিউডৰ অভিনেত্ৰীৰ এই অভিযোগ…

‘আমাক ৰামায়ণ চাবলৈ দি, তোমালোকে প’ৰ্ণ চাই থাকা…’- কোন বলিউডৰ অভিনেত্ৰীৰ এই অভিযোগ…

ডিজিটেলডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ নিশা ১২বজাৰ পৰা ২১ দিনৰ বাবে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰা হৈছে। এই লকডাউনৰ মাজতে সময়অতিবাহিত কৰিবলৈ বহু লোকে দাবী জনোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে দূৰদৰ্শনত দুখনধাৰাবাহিক ক্ৰমে- 'ৰামায়ণ' আৰু 'মহাভাৰত' পুনৰ সম্প্ৰচাৰ কৰাৰ নিৰ্দেশ দিছে।

কিন্তু এইধাৰাবাহিক দুখনক লৈ বিতৰ্কিত টুইট কৰা বাবে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা দাবীওজনাইছে বহু লোকে। অভিনেত্ৰীগৰাকীয়ে 'ৰামায়ণ' পুনৰ সম্প্ৰচাৰ কৰাক টুইটাৰত লিখিছে,'নিজে সদনত প'ৰ্ণ ফিল্ম চাই আৰু আমাক ৰামায়ণ চাবলৈ গৈছে।'

কবিতাই কৰা এইটুইটটোৰ পাছতেই বহু লোকে তীব্ৰ সমালোচনা কৰাৰ লগতে ক্ষোভ উজাৰিছে। ৰামায়ণক পৰ্ণফিল্মৰ সৈতে তুলনা কৰাৰ বাবে দিল্লী আৰক্ষীক শীঘ্ৰেই অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰৰবাবে দাবী জনাইছে একাংশই। গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ পাছত অৱশ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছেকবিতা কৌশিকে।

উল্লেখ্য যে,কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে দূৰদৰ্শনত 'ৰামায়ণ' পুনৰ সম্প্ৰচাৰ কৰাৰ কথাটুইটাৰযোগে ঘোষণা কৰিছিল। আৰু পুনৰ ধাৰাবাহিক ৰামায়ণ টেলিভিছনত চাবলৈ পাই বহু লোকেসুখ ব্যক্ত কৰিছে। লক্ষণীয় যে, সম্পূৰ্ণ ৩৩ বছৰ পাছত পুনৰ সম্প্ৰচাৰ কৰা হৈছেধাৰাবাহিকখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in