৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO

৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়াৰ পেঙেৰীত আলফাৰ ৭ জনীয়া এটা দলে আত্মসমৰ্পণ কৰাৰ পিছতে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল আয়োজন কৰে আইন শৃংখলা শাখাৰ আইজিপি দীপক কেদিয়াই।
আইন শৃংখলাৰ আই জি পি, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু ২১ পেৰা স্পেচিয়েল ফ'ৰ্চৰ কৰ্ণেল সঞ্জয় সিং কাৰ্কীয়ে যুটীয়াভাৱে সংবাদমেল অনুষ্ঠিত কৰি ৭ জনীয়া আলফা সদস্য‌ই আত্মসমৰ্পণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। আত্মসমৰ্পন কৰা সদস্য কেইগৰাকী ক্ৰমে চাৰ্জেন্ট বৰুণ অসম ওৰফে বৃন্দাবন মৰাণ, লেন্স ক'ৰ্পৰেল ছাৰ্জন অসম ওৰফে ধনেশ্বৰ মৰাণ, লেন্স ক'ৰ্পৰেল উৎপল অসম ওৰফে লভিত গোঁহাই, লেন্স ক'ৰ্পৰেল বসন্ত অসম ওৰফে মঞ্জিত মৰাণ, লেন্স ক'ৰ্পৰেল নিনজা অসম ওৰফে শত্ৰুবন দহোতীয়া, শ্বেখৰজ্যোতি অসম ওৰফে সঞ্জিত মৰাণ আৰু অমৰ অসম ওৰফে দিগন্ত মৰাণ।

আত্মসমৰ্পণৰ সময়ত কেডাৰকেইজনে তিনিটা একে৮১/এমকিউ৭.৬২ এমএম ৰাইফলসহ ৬টা মেগজিন, দুটা এইছকে৩৩, ৫.৬এমএম ৰাইফলসহ ৬টা মেগজিন, এটা একে৫৬ ৰাইফলসহ ৫টা মেগজিন আৰু ১ টা গ্ৰেণেডৰ লগতে ৬০১ ৰাউণ্ড সজীৱ গুলী জমা দিয়ে তিনিচুকীয়া আৰক্ষীক।

আনহাতে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকক বৰ্তমানেও আলফা বিৰোধী অভিযান অব্যাহত ৰখাৰ কথা অৱগত কৰিছে। ইফালে টাগাত ম্যানমাৰ সেনাই আলফাৰ ঘাটিত আক্ৰমণ কৰাৰ বাবে প্ৰাণ ৰক্ষা কৰিবলৈ এইসকল কেডাৰ পলায় আহিছে নেকি বুলি শুধা প্ৰশ্নৰ উত্তৰত আত্মসমৰ্পণ কৰা কেডাৰ কেইগৰাকীক সোধা পোছা কৰাৰ পিছতে এই কথা কব পৰা যাব বুলিও মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in