পাকিস্তানক বুৰ্বক আখ্যা ট্ৰাম্পৰ! লাডেনক লুকুৱাই ৰাখিও ভাও ধৰিছিল নজনাৰ

পাকিস্তানক বুৰ্বক আখ্যা ট্ৰাম্পৰ! লাডেনক লুকুৱাই ৰাখিও ভাও ধৰিছিল নজনাৰ

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদক লৈ পুনৰ এবাৰ পাকিস্তানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আমেৰিকা৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সোমবাৰে পাকিস্তান আৰু সন্ত্ৰাসবাদ সম্পৰ্কে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে পাকিস্তানে কেতিয়াও সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই৷ তেওঁ পুনৰ কয়- আলকায়দাৰ মুৰব্বী ওচামা বিন লাডেন পাকিস্তানত আত্মগোপন কৰি আছিল৷ কিন্তু বুৰ্বক পাকিস্তানে সেই কথা কেতিয়াও জনোৱা নাছিল৷ যাৰ ফলত ২০০১ চনৰ ১১ চেপ্তেম্বৰত লাডেনে আমেৰিকাত সন্ত্ৰাস সৃষ্টি কৰি হাজাৰ হাজাৰ নিৰীহৰ প্ৰাণ লৈছিল৷

ট্ৰাম্পে কয়- 'আমি ওচামা বিন লাডেনক কাহানিবাই হত্যা কৰিব লাগিছিল৷ ৱৰ্ল্ড ট্ৰেড চেন্টাৰত আক্ৰমণৰ পূৰ্বেই মই এই কথা মোৰ গ্ৰন্থত উল্লেখ কৰিছিলো৷ আমি পাকিস্তান কোটি কোটি সাহায্য প্ৰদান কৰিছো, কিন্তু ইয়াৰ বিনিময়ত জানো পাকিস্তানে আমাক লাডেনৰ বিষয়ে কিবা জনালে?'

আনহাতে লাডেনৰ দৰে আৰু দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক পাকিস্তানে ৰক্ষণাবেক্ষণ দি সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদ বিয়পোৱাৰ কৌশল ৰচি আছে বুলিও অভিযোগ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে৷ তেওঁ কয়- পাকিস্তানৰ সেনা সুৰক্ষাৰ বাবে আমেৰিকাই অৰ্থ সাহায্য প্ৰদান কৰিছে, সন্ত্ৰাস সৃষ্টিৰ বাবে নহয়৷

ইফালে ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে টুইট যোগে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে৷ তেওঁ লিখে- সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি পাকিস্তানেও বহু হেৰুৱাবলগীয়া হৈছে৷ অন্য দেশৰ প্ৰৰোচনাত পাকিস্তানে বহু এনে সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে পাকিস্তানৰ যথেষ্ট ক্ষতি কৰিছে৷ ইমৰান খানে কয়- 'আমাৰ নিজৰ জনতাৰ স্বাৰ্থত আমি কি কৰা উচিত সেয়া আমাক আনে শিকোৱাৰ প্ৰয়োজন নাই৷ আমাৰ বাবে যিটো অধিক ভাল হ'ব সেয়াহে আমি কৰিম৷'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in