মোদীক মনত পেলালে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে

মোদীক মনত পেলালে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে

ডিজিটেল ডেস্কঃ দেশৰ ভিতৰত মোদী যিয়েই নহওক, বিদেশত সদায় তেওঁ সন্মান আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ বছৰৰ তিনিভাগৰ এভাগ দিনেই বিদেশ ভ্ৰমণত পাৰ কৰা নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ কথা খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েও শলাগে৷ শেহতীয়াকৈ ভাৰতীয় সংস্কৃতিক সন্মান জনাই হোৱাইট হাউছত পালন কৰা হয় দীপাৱলী৷ পলমকৈ হলেও পালিত হোৱা এই দীপাৱলীত উপস্থিত থাকি যুক্তৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মোদীক স্মৰণ কৰে৷

ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মান কৰে আৰু অতি সোনকালেই তেওঁ মোদীৰ সৈতে বাৰ্তালাপ কৰিব৷ ট্ৰাম্প আৰু মোদী অহা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত আৰ্জেটিনাত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব৷ তেতিয়াই মোদী-ট্ৰাম্পে বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে৷

ইফালে এই সন্দৰ্ভত হোৱাইট হাউছৰ পৰা কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই৷ কিন্তু ট্ৰাম্পে হোৱাইট হাউছত পালন কৰা দীপাৱলী অনুষ্ঠানত উপস্থিত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নৱতেজ সিঙৰ সৈতে বাৰ্তালাপ কৰি শীঘ্ৰে মোদীক সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷

ট্ৰাম্পে কয়, 'মই আপোনালোকৰ দেশখন বৰ ভালপাও৷ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো মই যথেষ্ট সন্মান কৰো৷ আপুনি মোৰ ফালৰ পৰা তেওঁক শুভকামনা জ্ঞাপন কৰিব৷'

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ মাজত ভাল বন্ধুত্ব আছে৷ ২০১৯ চনৰ গণতন্ত্ৰ দিৱসত ভাৰতৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল যদিও ব্যস্ততাৰ বাবে ট্ৰাম্পে সেই সময়ত ভাৰত ভ্ৰমণলৈ আহিব নোৱাৰিব বুলি প্ৰকাশ কৰিছিল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in