পৰাজয় স্বীকাৰ কৰকঃ জী-জোৱাঁয়েকে বুজাইছে যদিও মানি নলয় ট্ৰাম্পে…

পৰাজয় স্বীকাৰ কৰকঃ জী-জোৱাঁয়েকে বুজাইছে যদিও মানি নলয় ট্ৰাম্পে…

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হল জ' বাইডেন। কিন্তু এতিয়াও পৰাজয় স্বীকাৰ কৰাৰ পক্ষত নাই ডনাল্ড ট্ৰাম্প। নিজৰ স্থিতিত অটল ট্ৰাম্পে সঘনাই ছচিয়েল মিডিয়াত পোষ্ট কৰিছে যে, প্ৰকৃততে তেওঁৰ জয় হৈছে। এনে পৰিস্থিতিৰ মাজতে ট্ৰাম্পৰ পৰিয়ালৰে কেইবাজনো সদস্যই ট্ৰাম্পক অনুৰোধ জনাইছে যে, তেওঁ পৰাজয় নিজে স্বীকাৰ কৰক।

CNNৰ খবৰ অনুসৰি ট্ৰাম্পৰ জোঁৱায়েক জেৰেজ কুছনৰ আৰু জীয়াৰী মেনালিয়াই পিতৃক অনুৰোধ জনাইছে যে, তেওঁ পৰাজয় স্বীকাৰ কৰক। হোৱাটছ হাউছত উপস্থিত হৈ জী-জোৱায়েকে ট্ৰাম্পক বুজনি দিছে যদিও ট্ৰাম্পে কাৰো কথা শুনাৰ ইচ্ছা প্ৰকাশ কৰা নাই।

জী-জোৱায়েকে পৰাজয় স্বীকাৰ কৰিবলৈ কলেও ট্ৰাম্পৰ পুত্ৰই পূৰ্ণ সমৰ্থন জনাইছে ট্ৰাম্পক। উল্লেখ্য যে, ট্ৰাম্পৰ জোঁৱায়েক জেৰেজ কুছনৰ আৰু জীয়াৰী মেনালিয়া ট্ৰাম্পৰ পৰামৰ্শদাতা হিচাপেও কাৰ্যনিবাহ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in