ভাৰত ভ্ৰমণক লৈ উৎসুক ডোনাল্ড ট্ৰাম্পঃ আশা কৰিছে- ৫০-৭০ লাখ লোকে তেওঁক আদৰণি জনাব আহমেদাবাদত…

ভাৰত ভ্ৰমণক লৈ উৎসুক ডোনাল্ড ট্ৰাম্পঃ আশা কৰিছে- ৫০-৭০ লাখ লোকে তেওঁক আদৰণি জনাব আহমেদাবাদত…

ডিজিটেল ডেস্কঃ ভাৰত ভ্ৰমণক লৈ উৎসুক হৈ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। মঙলবাৰে সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ডোনাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণক লৈ তেওঁৰ উৎসুকতা ব্যক্ত কৰি কয় যে চলিত মাহৰ শেষৰ ফালে তেওঁৰ ভাৰত ভ্ৰমণৰ বাবে অপেক্ষা কৰি আছে। উল্লেখ্য যে, অহা ২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ আহমেদাবাদত নৱনিৰ্মিত মোটেৰা ষ্টেডিয়ামত মোডীৰ সৈতে এক সংযুক্ত বৈঠক সম্বোধন কৰিব। বৈঠকত অংশ লোৱাৰ পূৰ্বে আহমেদাবাদত তেওঁক আদৰণি জনাবলৈ ৫-৭ মিলিয়ন অৰ্থাৎ ৫০-৭০ লাখ লোক সমবেত হ'ব বুলিও আশা ব্যক্ত কৰে ডোনাল্ড ট্ৰাম্পে।

ট্ৰাম্পে মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে আহমেদাবাদ বিমান বন্দৰৰ পৰা মোটেৰা ষ্টেডিয়ামলৈ কেইবালাখ লোকে তেওঁক আদৰণি জনাব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক জনাইছে। ইফালে বিদেশ মন্ত্ৰণালয়ৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, বিগত বৰ্ষৰ চেপ্তেম্বৰত হিউষ্টনত আয়োজিত হাউডী মোডী অনুষ্ঠানৰ দৰেই হ'ব মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ট্ৰাম আৰু মোডীৰ সংযুক্ত বৈঠকখন। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাৰত ভ্ৰমণকালত দুয়োখন দেশৰ মাজৰ বানিজ্যিক চুক্তিত হস্তাক্ষৰ কৰাৰো ইংগিত দিয়ে ট্ৰাম্পে।

হোৱাই হাউচৰ এক সূত্রই সদৰী কৰা মতে, ডোনাল্ড ট্ৰাম্পৰ এই ভাৰত ভ্ৰমণত তেওঁক সংগ দিব আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলনীয়া ট্ৰাম্পেও। দুয়োগৰাকীয়ে ভাৰতত বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ উপৰিও কেইবাগৰাকীও শীৰ্ষ ৰাজনীতিবিদ আৰু সমাজবিদৰ সৈতে আলোচনাত মিলিত হ'ব। সংবাদ মেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক 'ভদ্ৰলোক' বুলি আখ্যা দি ট্ৰাম্পে কয় যে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণক লৈ অতি উৎসাহী। উল্লেখ্য যে, ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়সূচী সোমবাৰে হোৱাইট হাউচে চৰকাৰী বেৱচাইটযোগে ঘোষণা কৰিছিল। ট্ৰাম্পৰ এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে সদৰী কৰা মতে, প্ৰধানমন্ত্ৰী মোডী আৰু ট্ৰাম্পৰ মাজত বানিজ্য, প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপ, ক্ষেত্ৰীয় আদি বিষয়ক লৈ আলোচনা হ'ব। উল্লেখ্য যে, ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোডীৰ মাজৰ সম্পৰ্ক অতি সৌহাৰ্দ্যপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। ২০১৯ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৪ বাৰ ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰাৰ লগতে চলিত বৰ্ষত দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ মাজত দুবাৰকৈ টেলিফোনিক বাৰ্তালাপ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in