শেহতীয়া খবৰ
আজি প্ৰয়াগৰাজলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ  •  ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে  •  শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  পেঙাৰীত শিশু-মহিলাসহ ২০জন অবৈধ বাংলাদেশী আটক  •  পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ...  •  এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি

আমেৰিকাৰ ৰাজপথত টকাৰ বৰষুণ, টকা দেখি গাড়ীৰ পৰা নামি আহিল লোক, চাওক ভিডিঅ’

2,218

ডিজিটেল ডেস্কঃ আমেৰিকাৰ এটা ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ নোটৰ বৰষুণ৷ নকল টকাৰ বৰষুণ নহয়, আচল টকাৰে বৰষুণ৷ ঘাইপথত প্ৰথমে এখন নোট দেখি এজন যাত্ৰীয়ে গাড়ীখন ৰখাই টকাৰ নোটখন আচল নে নকল বুটলি লৈ চালে৷ দেখিলে, নোটখন আচল৷ পিছত তেওঁ আৰু এনে নোট পায় নেকি ইফালে সিফালে চাই দেখিলে কিছু দুৰত আৰু দুখন নোট পৰি আছে৷ সেই দুখন বুটলে মানে কাষতে আৰু দুখন নোট…

বিনা কষ্টই দুটামান টকা লাভ কৰাত তেওঁ মুখত হাঁহি এটা বিৰিঙি উঠিল৷ তেওঁ এখনৰ পিছত সিখনকৈ নোটবোৰ বুটলি জেপত ভৰাই গৈ থাকিল৷ ব্যক্তিজনক পথৰ পৰা টকা বুটলি থকা দেখি আন যাত্ৰীবোৰেও গাড়ীৰ পৰা নামি টকবোৰ বুটলাত লাগিল৷ এনেদৰে এজন এজনকৈ কেইবাজনো লোকে ঘাইপথৰ ওপৰতে গাড়ী ৰখাই টকা বুটলাত ব্যস্ত হৈ পৰাত ক্ষন্তেক সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈ পৰে৷

এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ নিউ জাৰ্চি চহৰৰ ইষ্ট ৰাডাৰফ’ৰ্ড-৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত৷ ১৩ ডিচেম্বৰত ঘাইপথটোৰে এখন নোটভৰ্তি ট্ৰাক পাৰ হৈ যোৱাৰ পিছতে পথটোত টকাৰ বৰষুণ হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নোটভৰ্তি ট্ৰাকখনে এটা ব্যক্তিগত বেংকৰ ধন লৈ সেই পথেৰে গৈ আছিল৷ কিন্তু বাহনখনৰ এখন দুৱাৰ কোনো কাৰণত বেয়া হৈ যোৱাত ভিতৰত থকা টকা বতাহত উৰি উৰি গোটেই ঘাইপথটোতে সিঁচৰিত হৈ পৰে৷

ইফালে এই ঘটনাৰ এটা ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ য’ত লোকসকলক গাড়ীৰ পৰা নামি পথৰ ওপৰৰ পৰা নোট বুটলি থকা দেখিবলৈ পোৱা গৈছে৷ নোটভৰ্তি ট্ৰাকখনৰ পৰা এনেদৰে বতাহত সিঁচৰিত হৈ পৰা প্ৰায় ৩ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ২.১৫ কোটি টকা লুট হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে এই ধন পথৰ পৰা যি সকল লোকে বুটলি লৈছে, তেওঁলোকক চোৰ বুলি ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিয়ে নিউ জাৰ্চি প্ৰশাসনে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি