ত্ৰিপুৰাত ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষা নিশ্চিতকৰণৰ দাবী জমিয়ত উলেমা-ই-হিন্দৰ

ত্ৰিপুৰাত ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষা নিশ্চিতকৰণৰ দাবী জমিয়ত উলেমা-ই-হিন্দৰ

ডিজিটেল সংবাদ, ত্ৰিপুৰাঃ ত্ৰিপুৰাত বাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিপ্লৱ দেৱ নেতৃত্বাধীন বিজেপি চৰকাৰখনক দাবী জনাইছে জমিয়ত উলেমা-ই-হিন্দৰ ৰাজ্যিক সমিতিয়ে। ধৰ্মীয় সংগঠনটোৱে এই সন্দৰ্ভত সোমবাৰে এখন সংবাদ মেলৰো আয়োজন কৰে।

সংবাদ মেলত সংগঠনটোৱে আগন্তুক ঈদ-উদ-জোহা যাতে শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰে তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়। আগৰতলাস্থিত গেদু মিঞা মছজিদত অনুষ্ঠিত সংবাদমেলখনত উলেমা-ই-হিন্দৰ ৰাজ্যিক সভাপতি মুফটি তৈয়াবুৰ ৰহমানে বিজেপি শাসনলৈ অহাৰ পিছতে ধৰ্মীয় সংখ্যালঘু লোকসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰে।

খাদ্যভ্যাসক লৈ একাংশ লোকে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত উত্তেজনা বিয়পাবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ কৰি ধৰ্মীয় নেতাজনে চৰকাৰ-প্ৰশাসনক সম্ভৱপৰ সকলো ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনাইছে।

'নতুন চৰকাৰ গঠন হোৱাৰ পিছতে আমি মুখ্যমন্ত্ৰীক তেওঁৰ নিজা বাসভৱনত সাক্ষা কৰিছো আৰু এনেধৰণৰ স্পৰ্শকাতৰ বিষয়সমূহ অৱগত কৰিছো। তেওঁ এই বিষয়বোৰৰ প্ৰতি দৃষ্টি ৰাখিব বুলি আমাক আশ্বাসো দিছে। আশা কৰিছো সেই আশ্বাস কেৱল আশ্বাস হৈয়ে নাথাকে যেন।'-এইদৰে কয় ৰহমানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in