বিষয়া-কৰ্মচাৰী নহয়, ঘোচ লৈ ধৰা পৰিল স্বয়ং উপাচাৰ্য… VIDEO

বিষয়া-কৰ্মচাৰী নহয়, ঘোচ লৈ ধৰা পৰিল স্বয়ং উপাচাৰ্য… VIDEO

ডিজিটেল ডেস্কঃ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে উৎকোচ লৈ ধৰা পৰা ঘটনা এতিয়া সাধাৰণ ঘটনা হৈ উঠিছে। কিন্তু এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই উৎকোচ লৈ হাতে-লোটে ধৰা পৰা ঘটনা সম্ভৱ এয়াই প্রথম পোহৰলৈ আহিছে। কলকাতাস্থিত এখন প্ৰিণ্টিং ফাৰ্মৰ পৰা ৬০ লাখ টকীয়া এক ঠিকাৰ বিনিময়ত উৎকোচ দাবী কৰিছিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে।

স্থানীয় সংবাদমাধ্যমক এই সন্দৰ্ভত খবৰ দিছিল ফাৰ্মখনৰ মালিকে। তাৰপাছতেই উপাচাৰ্যগৰাকীক এই কাম দিয়াৰ বাবদত দাবী কৰা অনুসৰি কেইবা লাখ টকা দিবলৈ গৈছিল ফাৰ্মখনৰ গৰাকীয়ে। ষ্টিং অপাৰেশ্যনত বন্দী কৰা হৈছিল সেই দৃশ্য। তাৰপাছত ৰাজহুৱা কৰা হৈছিল সেই ভিডিঅ'টো।

অৱশ্যে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক বিজ্ঞপ্তিযোগে এই ঘটনা অস্বীকাৰ কৰিছে। বিজ্ঞপ্তিটোত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে কৈছে- কিছু স্বাৰ্থনেশী লোকে এই ভিডিঅ' প্ৰচাৰ কৰি উপাচাৰ্যগৰাকীক মৰ্যাদা হানি কৰিছে। এনে লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰো কথা কোৱা হৈছে বিবৃতিটোত।

দুটা ভিডিঅ' আছে এই ষ্টিং অপাৰেশ্যনৰ। ত্ৰিপুৰাৰ স্থানীয় নিউজ চেনেল 'News Vanguard'ৰে এই ষ্টিং অপাৰেশ্যনত বন্দী হোৱা দৃশ্যৰ এটা ভিডিঅ'ত দেখা পোৱা গৈছে উপাচাৰ্যগৰাকীক এজন লোকে নোটৰ এটা বাণ্ডিল আগবঢ়াইছে।

এই ঘটনা সংঘঠিত হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত। ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভি এল ধাৰুকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। মাছ কমিউনিকেশ্যন আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে মহাৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ত কাম কৰা অধ্যাপকগৰাকীয়ে এই বৰ্ষৰ জুলাইত ত্ৰিপুৰা বিশ্ববিদ্যালয়ত উপাচাৰ্য ৰূপে নিযুক্তি লাভ কৰিছিল।

আৰ এছ এছৰ অতি ঘনিষ্ঠ আৰু একালত অখিল বিদ্যাৰ্থী পৰিষদৰ সক্ৰিয় সদস্য আছিল এইগৰাকী উপাচাৰ্য। এই ঘটনা সন্দৰ্ভত বিভিন্ন দল-সংগঠনে উপাচাৰ্যগৰাকীক আটক কৰি সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাইছে।

ইয়াৰ পূৰ্বেও তেওঁ বিতৰ্কলৈ আহিছিল। উপাচাৰ্য ৰূপে নিযুক্তি লাভ কৰাৰ পাছতেই এইগৰাকী শিক্ষাবিদে এ ভি ভি পি পতাকা এক অনুষ্ঠানত উত্তোলন কৰিছিল এই বিশ্ববিদ্যালয়খনতেই। তেওঁৰ যুক্তি আছিল- এ ভি পি পি এটা সাংস্কৃতিক অনুষ্ঠান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in