শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

ত্ৰিপুৰাত চৰকাৰৰ বিৰুদ্ধে সৰৱ ১০ সহ্স্ৰাধিক শিক্ষক

202
ডিজিটেল সংবাদ, আগৰতলাঃ দীৰ্ঘসময় ধৰি নীৰৱতা অৱলম্বনৰ পিছত পুনৰ সৰৱ হৈ পৰিছে চাকৰি ত্যাগৰ নিৰ্দেশ লাভ কৰা ত্ৰিপুৰাৰ ১০ সহস্ৰাধিক শিক্ষক। এই অনুযায়ী যোৱা ৬ আগষ্টত চাকৰি ত্যাগ কৰিবলৈ চৰকাৰে নিৰ্দেশ প্ৰদান কৰা শিক্ষকসকলে ৰাজ্যখনৰ ৰাজধানী আগৰতলাত ধৰ্ণা প্ৰদৰ্শন কৰে।

ধৰ্ণা কালত শিক্ষকসকলে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে বিনা দোষত তেওঁলোকক এনেদৰে চৰকাৰে শাস্তি প্ৰদৰ্শন কৰিছে। একেই পদ্ধতিৰে সকলোৱে চাকৰি পোৱাৰ পিছতো কিয় কেৱল শিক্ষকসকলকহে বাছি লোৱা হ’ল বুলি প্ৰশ্ন কৰি এনে নিৰ্দেশ তেওঁলোকে কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে।

ইফালে শিক্ষা বিষয়াৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে যে বিষয়টো সন্দৰ্ভত বিভাগৰ কোনো কৰণীয় নাই কিয়নো সমস্ত প্ৰক্ৰিয়া ন্যায়ালয়ৰ নিৰ্দেশত সম্পন্ন কাৰ হৈছে। চৰকাৰে আদালতৰ নিৰ্দেশ মানি চলি কাম কৰিবলৈ বাধ্য বুলিও সদৰী কৰে বিষয়াগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি