ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য

ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য

ডিজিটেল সংবাদ, আগৰতলাঃ ৯৬ শতাংশ আসন দখলৰে ত্ৰিপুৰাত পঞ্চায়তৰ উপনিৰ্বাচনত বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে শাসকীয় বিজেপি দল। মুঠ ৩৩৮৬ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৩২৪৭ আসনতে জয়ী হৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে।

উল্লেখ্য যে, অহা ৩০ ছেপ্তেম্বৰতহে ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বিজেপি আৰু আইপিএফটি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছতে ৰাজ্যখনৰ গাঁও পঞ্চায়ত, জিলা পৰিষদৰ বহু সংখ্যক সদস্যই পদত্যাগ কৰি বিজেপিত যোগ দিয়ে।

এনে পৰিপ্ৰেক্ষিততে ৰাজ্যখনৰ ৩০০০ হাজাৰো অধিক খালী আসনৰ বাবে পূৰ্ব নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। নিৰ্বাচন আয়োগে জনোৱা মতে এতিয়া অহা ৩০ ছেপ্তেম্বৰত মাত্ৰ ১৩২খন গাঁও পঞ্চায়তৰ হে নিৰ্বাচন অনুষ্ঠিত হ'ব। আনহাতে বিৰোধী দলসমূহে বিজেপিৰ হেঁচাৰ বাবেই গাঁও পঞ্চায়তৰ প্ৰতিনিধিসমূহে পদত্যাগ কৰা বুলি দাবী কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in