ত্ৰিপুৰাত ঘাতক ৰূপত কিশোৰ! কুঠাৰেৰে ঘঁপিয়াই হত্যা কৰিলে ৩জনক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ ধালাই জিলাত সংঘটিত হৈছে এক অমানসিক ঘটনা। এটা আদিবাসী কিশোৰে ব্যক্তিগত সংঘাতৰ পাছতে কুঠাৰেৰে ঘপিয়াই ৩জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়ে। মৃত কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছিল। কোনো কথাত তিনিওৰে মাজত সংঘটিত হৈছিল মতবিবাদ। আৰু তাৰ পৰিণতিত অৱশেষত কিশোৰটোৱে কুঠাৰেৰে তিনিওৰে ওপৰত উপৰ্যুপৰি প্ৰহাৰ কৰে।

ধালাই জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পেচেৰাম কাৰবাৰীপাৰা গাঁৱত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনায় যে, দেওবাৰে মাজনিশা অভিযুক্ত কিশোৰটোৱে এই পাশবিক ঘটনা সংঘটিত কৰে। লগতে আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াই জনায়- আটাইকেইজনৰ কোনো কথাত মতভেদ হৈছিল। আৰু তাৰপাছত সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষই অৱশেষত এনে পৰ্যায় পাইগৈ যে কিশোৰটিয়ে কুঠাৰেৰে তিনিওৰে হত্যা কৰে।

আনহাতে, ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা অভিযুক্তই পলায়ন কৰে যদিও, আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। লগতে আৰক্ষীয়ে মৃত লোক কেইজনক চিনাক্ত কৰিছে। সেইকেইজন ক্ৰমে- হেনাবাতী (৪৫), কেনাচন চাকমা (৬৮), সুবল কান্তি চাকমা (৪৫)। তদুপৰি প্ৰীয়ালাল চাকমা নামৰ আন এগৰাকী মহিলাও এই ঘটনাত গুৰুতৰভাৱে আহত হয়। আৰু তেওঁ বৰ্তমান স্থানীয় চিকিৎসালয় চিকিৎসাধীন।

এই ঘটনাৰ পাছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অভিযুক্তজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি ন্যায়ালয়ত হাজিৰ কৰোৱা হয়। আৰু আদালতে অভিযুক্তজনক ৰাজকীয় কিশোৰগৃহলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in