শেহতীয়া খবৰ
শোণিতপুৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত প্রাৰ্থীৰ তালিকা প্ৰকাশ  •  জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  নলবাৰী হৰিমন্দিৰত ২৩ নৱেম্বৰৰ পৰা ১৩দিনীয়া ৰাস মহোৎসৱ  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!

ত্ৰিপুৰাৰ ৰবৰ খেতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ, অসমৰ যুৱক বুলি সন্দেহ

445

ডিজিটেল সংবাদ, আগৰতলাঃ ত্ৰিপুৰাৰ দমদমাৰ হেলিপেড এলেকাত আজি ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল এটি মৃতদেহ। অঞ্চলটোত থকা এখন ৰবৰ খেতিত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃতদেহটো গছত ফাঁচী দিয়া অৱস্থাত উদ্ধাৰ কৰা হৈছে। সম্প্ৰতি অচিনাক্ত মৃতদেহটোৰ চিনাকীকৰণৰ বাবে এছ ডি হাস্পতালৰ মৰ্গলৈ পঠিওৱা হৈছে। এই লোকজন অসমৰ বুলি সন্দেহ কৰা হৈছে।

কোনো সদাশয় লোকে এই লোকজনক চিনি পালে ত্ৰিপুৰাৰ ছাবৰুম থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে যোগাযোগৰ নম্বৰ ৯০৫১৯-২১৫০১ আৰু ৭৯৮০১-৬৬৭৩৩ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি