ত্ৰিপুৰাত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো আছিল কোকৰাঝাৰৰ বিনয়ৰ

ত্ৰিপুৰাত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো আছিল কোকৰাঝাৰৰ বিনয়ৰ

ডিজিটেল সংবাদ, আগৰতলাঃ ত্ৰিপুৰাৰ দমদমাৰ হেলিপেড এলেকাৰ এখন ৰবৰ বাগানত ফাঁচী লোৱা অৱস্থাত ৯ ছেপ্টেম্বৰত উদ্ধাৰ হোৱা মৃতদেহটো অসমৰ কোকৰাঝাৰ জিলাৰ নিবাসী বিনয় ব্ৰহ্মৰ বুলি চিহ্নিত কৰা হৈছে। প্ৰণিধানযোগ্য যে, ৯ ছেপ্টেম্বৰত উদ্ধাৰ হোৱা অচিনাক্ত যুৱকৰ মৃতদেহটো মুখাবয়বৰ ওপৰত ভিত্তি কৰি অসমৰ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল আৰু সেইবাবেই অসমৰ সংবাদমাধ্যমত তেওঁৰ ফটো প্ৰকাশ কৰাৰ বাবে অনুৰোধ জনাই ছাবৰুম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কে কে চৌধুৰীয়ে মৃতদেহটোৰ ফটোসহ তথ্যসমূহ প্ৰেৰণ কৰিছিল।

এই তথ্যৰ ভিত্তিতেই 'অসমীয়া প্ৰতিদিন'ৰ ডিজেটেল সংস্কৰণত ফটোসম্বলিত বাতৰি প্ৰকাশ পোৱাৰ লগতে আন দুই এক অসমৰ সংবাদ মাধ্যমতো বাতৰিটো প্ৰকাশ পাইছিল। বাতৰিটোত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ফোন নম্বৰো যোগাযোগৰ বাবে দিয়া হৈছিল। ইপিনে, 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ বাতৰিৰ ভিত্তিতেই কোনো কোনো লোকে যুৱকজনক চিনাক্ত কৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ পাছত কোকৰাঝাৰৰ দুখীয়া পৰিয়ালটোৱে তেওঁৰ সৈতে ত্ৰিপুৰাত কাম কৰিবলৈ যোৱা আন সহযোগী শ্ৰমিক আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ সৈতে যোগাযোগ কৰে।

ইয়াৰ ভিত্তিতেই ত্ৰিপুৰাত ৰে'ল পথ সম্প্ৰসাৰণৰ কামত নিয়োজিত হৈ থকা বিনয় ব্ৰহ্মৰ একে গাঁৱৰে ৰাজীৱ ৰাভা নামৰ যুৱকজনৰ সৈতে কেইজনমান শ্ৰমিক থানাত উপস্থিত হোৱাৰ পাছত চিকিৎসালয়ৰ মৰ্গত মৃতদেহটো পৰীক্ষা কৰি চিনাক্ত কৰে। ইয়াৰ ভিত্তিতেই আৰক্ষীয়েও পৰিয়ালৰ লোকসকলৰ সৈতে যোগাযোগ কৰি মৃতদেহ চমজি লোৱাৰ বাবে অনুৰোধ জনাই যদিও, আৰ্থিক অনাটনৰ বাবে সেয়া সম্ভৱ নহয়  বুলি জনোৱাত আৰক্ষীয়ে দণ্ডাধীশৰ অনুমতি সাপেক্ষে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো তাতে সৎকাৰৰ ব্যৱস্থা কৰে।

আজি ৰাজীৱ ৰাভা আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই বিষয়ত সবিশেষ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক ফোনযোগে অৱগত কৰাৰ লগতে তেওঁৰ মৃত্যুৰ প্ৰমাণ পত্ৰখনো প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in