ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন শাসক গোষ্ঠীক উৎখাত কৰি খিলঞ্জীয়াৰ উত্থান…

ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন শাসক গোষ্ঠীক উৎখাত কৰি খিলঞ্জীয়াৰ উত্থান…

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ত্ৰিপুৰাত অনুষ্ঠিত ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অটনমাছ ডিষ্ট্ৰিক কাউন্সিলৰ নিৰ্বাচনত সদ্যগঠিত ত্ৰিপুৰা ইনডিজেনাছ প্ৰগেছিভ ৰিজিয়নেল এলায়েন্স চমুকৈ টিআইপিআৰএ-য়ে ২৮খন আসনৰ ভিতৰত ১৮খনতে জয়ী হৈছে। এই নিৰ্বাচনত শাসনাধীষ্ঠ বিজেপিয়ে কেৱল ৯খন আসনতে জয় লাভ কৰিবলৈ সক্ষম হয়।

এখন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ৩০ জনীয়া এই কাউন্সিলৰ আন দুখন আসনৰ বাবে ৰাজ্যপালে সদস্য প্ৰণোনয়ন কৰিব। উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ এই নিৰ্বাচনী ফলাফলে শাসনত থকা বিজেপিৰ বাবে এক ডাঙৰ পৰাজয় ৰূপে চিহ্নিত হৈছে।

বিজেপিৰ সৈতে শাসনত থকা ইণ্ডিজিনাছ পিপলছ ফন্টে এই নিৰ্বাচনত এখনো আসনত লাভ কৰিবলৈ সক্ষম নহ'ল। উল্লেখ্য যে, পূৰ্বতে এই কাউন্সিল ইণ্ডিজিনাছ পিপলছ ফন্টৰ হাততে আছিল। মন কৰিব লগা যে, টিটিএডিচিৰ অধীনত ৰাজ্যখনৰ দুই তৃতীয়াংশ অঞ্চলত অন্তৰ্ভূক্ত হৈ আছে। সদ্যগঠিত এই খিলঞ্জীয়া দল ত্ৰিপুৰা এণ্ডিজেনাছ প্ৰগেছিভ ৰিজিয়নেল এলায়েন্সে এই নিৰ্বাচনত এনে ফলাফল লাভ কৰাত উৎসাহিত হৈ পৰিছে দলটোৰ নেতৃত্বই।

পূৰ্বৰ ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি তথা বৰ্তমান এই দলটোৰ সভাপতি প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে এই ৰায়ে খিলঞ্জীয়াৰ অধিকাৰ হকে ৰাজ্যখনৰ জনসাধাৰণে ৰায়দান কৰা বুলি মন্তব্য কৰে। তেওঁ লগতে কয় এনে বিজয়ৰ পাছত উৎসাহ আৰু আনন্দ মতলীয়া হৈ কোনেও আন দলক আক্ৰমণৰ লক্ষ্য কৰি ল'ব নালাগে। তেওঁৰ সমৰ্থকসকলক আইপিএফটি বিজেপি, চিপিআইএম আৰু কংগ্ৰেছৰ কাৰ্যালয়ত আক্ৰমণ নকৰাৰো পৰামৰ্শ দিয়ে।

তেওঁ লগতে কয়- আমি এক হৈ থাকিব লাগিব। শান্তি শৃংখলা ৰক্ষা কৰিব লাগিব। সোমবাৰে এই নিৰ্বাচনৰ ফলাফলৰ পাছত ট্ৰাইবেল কাউন্সিলৰ মুখ্য কাৰ্যালয় খুমলুঙৰ পৰা এক বিশাল ৰেলী বাহিৰ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, এইবাৰ নিৰ্বাচনত বাওঁ দলেও এখনো আসন লাভ নকৰিলে। চিপিআইএমৰ নেতা ৰাধাচৰণ দেৱবৰ্মাই এয়া জনতাৰ ৰায় আৰু ইয়াক দলে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। উল্লেখ্য যে, বিজেপি আৰু আইপিএফটিয়ে এই নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে, মিত্ৰ দল আইপিএফটিক বাকী আসন এৰি ১৪খনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ৯খন আসনত জয়ী হৈছে বুলিও তেওঁ কয়।

ইফালে, আইপিএফটিয়ে ১৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখনো আসনত জয়ী নহ'ল। কংগ্ৰেছে সকলো কেইখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰি এখন আসনতো জয় হ'ব নোৱাৰিলে। এই জয়ৰ পাছত খিলঞ্জীয়াৰ অধিকাৰৰ হকে বলিষ্ঠভাৱে কাম কৰি যাব বুলি সদৰী কৰে টিআইপিআৰএৰ সভাপতি প্ৰদ্যুৎ দেৱবৰ্মনে।

ত্ৰিপুৰাত বিজেপিৰ এই পৰাজয়ে উত্তৰ পূবৰ ৰাজনীতিতো বিশেষ তাৎপৰ্য বহন কৰিছে। বাওঁ দলৰ পৰা ত্ৰিপুৰাত ক্ষমতা দখল কৰা বিপ্লৱ দেৱ বৰ্মনৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যৰ থলুৱা আৰু খিলঞ্জীয়া লোকসকলৰ বাবে কোনো কাম কৰা নাই বুলি অভিযোগ কৰে টিআইপিআৰএৰ নেতৃত্বই । সেয়হে এই নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে জনতাই ৰায় প্ৰদান কৰা বুলিও তেওঁলোকে দাবী কৰে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ত্ৰিপুৰাৰ এই নিৰ্বাচনত বিজেপিৰ পৰাজয়ক বিশেষ গুৰুত্ব দিয়া হৈছে। ৬ এপ্ৰিলত এই নিৰ্বাচন অনুষ্ঠিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in