তৃণমূল কংগ্ৰেছে বংগক গুণ্ডাগিৰি আৰু অৰাজক ভুমিত পৰিনত কৰিছে: যোগী আদিত্যনাথ…

তৃণমূল কংগ্ৰেছে বংগক গুণ্ডাগিৰি আৰু অৰাজক ভুমিত পৰিনত কৰিছে: যোগী আদিত্যনাথ…

ডিজিটেল ডেস্ক : সমাগত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে শাসক বিৰোধী উভয়ে।পশ্চিম বংগৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শনিবাৰে প্ৰচাৰ চলাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । আদিত্য নাথে উলোবেৰিয়া আৰু হাওৰা উত্তৰত এক ৰোড শ্ব'ত অংশ গ্ৰহন কৰে ।

ৰোড শ্ব'ত অংশ গ্ৰহন কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয় মমতা বেনাৰ্জীৰ চৰকাৰক ক্ষমতাৰ পৰা আতৰাবলৈ জনসাধাৰণক আহ্বান জনাই । আনহাতে তৃণমূল কংগ্ৰেছে বেংগলক গুণ্ডাগিৰি আৰু অৰাজক ভুমিলৈ পৰিবৰ্তন কৰিছে বুলি সমালোচনা কৰে । ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও এক নিৰ্বাচনী সভাত বিজেপিক কটাক্ষ কৰে । বিজেপিয়ে নিৰ্বাচন জিকিবলৈ বংগত সাম্প্ৰদায়িক যুঁজ সৃষ্টি কৰি আছে অভিযোগ উত্থাপন কৰে মমতাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in