জনগোষ্ঠীয় বিভিন্ন সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা…

জনগোষ্ঠীয় বিভিন্ন সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা…

ডিজিটেল সংবাদ তিনিচুকীয়াঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু তিনিচুকীয়া জিলা সমিতিৰ আহ্বানমৰ্মে তিনিচুকীয়া আঞ্চলিক সমিতিৰ লগতে বৰডুবি, গুঁইজান, মাকুম আৰু লাংকাছি বজালনী আঞ্চলিক সমিতিয়ে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া কেইবাদফীয়া দাবীকলৈ আজি তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় সন্মুখত এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদৰ মাজতে সংগঠনটোৱে উল্লেখ কৰে যে, অসমৰ আদিবাসীসকলে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই আহিছে যদিও জনগোষ্ঠীটো অসমৰ আটাইতকৈ পিছপৰা তথা সকলো উন্নয়নমূলক পৰিমাপতে পিছপৰা এক জনগোষ্ঠী ৷ বিজেপি চৰকাৰৰ 'সবকা সাথ সবকা বিকাশ' মূলমন্ত্ৰই আদিবাসীসকলক স্পৰ্শ কৰিব পৰা নাই ।

বছৰ বছৰ ধৰি চাহ জনগোষ্ঠীয় সংগঠনসমূহে জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে পদ্ধতিগতভাৱে জনগোষ্ঠীটোক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি উন্নয়ন তথা মূলসুঁতিলৈ অনাৰ বাবে কোনো প্ৰচেষ্টা হাতত লোৱা নাই ৷ আদিবাসীসকলক আজিকোপতি কোনো এখন চৰকাৰে ভোগ-দখল কৰি থকা মাটিৰ বিপৰীতে ভূমিপট্টা (আইনী নথি) প্ৰদান কৰা নাই বুলি সংগঠনটোৱে আক্ষেপ কৰি অনতিবিলম্বে আদিবাসীসকলক মাটিৰ পট্টা প্ৰদান কৰা, চাহ বাগিচাৰ মাটিত উচ্ছেদ অভিযান বন্ধ কৰা, চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা, আদিবাসীক অবিচি প্ৰমাণ-পত্ৰ প্ৰদানৰ ক্ষেত্ৰত 'আদিবাসী জাতীয় মঞ্চ'ক একমাত্ৰ কৰ্তৃত্ব প্ৰদান কৰা আদি দাবীসমূহ উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in