কৰ অনাদায় বাহনৰ বিৰুদ্ধে মহানগৰীত পৰিবহণ বিভাগৰ বিশেষ অভিযান

কৰ অনাদায় বাহনৰ বিৰুদ্ধে মহানগৰীত পৰিবহণ বিভাগৰ বিশেষ অভিযান

ডিজিটেল সংবাদ, গুৱাহাটী: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন আগশাৰীৰ উন্নয়নশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন ৰাজহ সংগ্ৰহকাৰী বিভাগসমূহলৈ সময়মতে কৰ কাটল আদায়ৰ বাবে জনোৱা আহ্বান আৰু এইক্ষেত্ৰত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভাগক দিয়া নিৰ্দেশনাত পৰিবহণ বিভাগে ৰাজ্যৰ ৰাজকোষলৈ ৰাজহ আগবঢ়োৱাৰ লক্ষ্যৰে যৎপৰোনাস্তি পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰে অংশ হিচাপে এতিয়াও কৰ আদায় নিদিয়াকৈ ৰাজপথত চলি থকা যানবাহনৰ বিৰুদ্ধে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত বিভাগৰ এটা দলে বৃহস্পতিবাৰে পুৱাৰ ভাগত মহানগৰীৰ এবিচিত "অপাৰেচন চাৰখাৰ" শীৰ্ষক এক বিশেষ অভিযান আৰম্ভ কৰে ৷

অভিযানৰ সময়ত পৰিবহণ বিষয়া দাসে কয় যে- পথ পৰিবহণ মন্ত্ৰালয়ে যান বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ সময়সীমা দিয়াৰ পিছত যোৱা ৩১ অক্টোবৰতে অন্তিম সময়সীমা উকলি যোৱাৰ পিছতো এতিয়াও বহুতেই কৰ আদায় নিদিয়াকৈ বিনাদ্বিধাই গাড়ী চলাই আছে ৷ গুৱাহাটী মহানগৰীত অত্যাধুনিক যানবাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়ীক যানবাহনে ১০০ কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই থকাটো শেহতীয়াকৈ পৰিবহণ বিভাগৰ চকুত ধৰা পৰিছে ৷

কোভিড সৃষ্ট পৰিস্থিতিত কৰ আদায়ৰ বাবে চৰকাৰে বিভিন্ন ধৰনে সকলো সা-সুবিধা দিয়াৰ পিছতো একাংশই এতিয়াও বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিয়াত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়ীক সকলো যানবাহনৰ পৰা আগন্তুক মাৰ্চ মাহৰ ভিতৰত ১০০ কোটিৰ অনাদায় ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে অভিযানত নামি পৰিছে ৷ উল্লেখ্য যে এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ'ব ৷ প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ'ব পাৰে বাহনৰ স্বত্বাধিকাৰী ৷

সেয়ে এতিয়াও যানবাহনৰ বকেয়া কৰ আদায় নিদিয়াকৈ ৰাজপথত গাড়ী চলাই থকাৰ লগতে যিবোৰ উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠানে যানবাহন ব্যৱহাৰ কৰি ব্যৱসায় চলাই আছে সেই সকলোকে কৰ আদায় দি এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়াৰ লগতে অসমখনক এখন আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি সপোন সেয়া বাস্তবায়িত কৰিবলৈ পৰিবহণ বিষয়াগৰাকীয়ে আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in