শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

এলাগী হৈছে গুৱাহাটী!

656

গুৱাহাটী মহানগৰীৰ সৈতে এতিয়া ৰাজ্যৰ আন জিলাসমূহে সম্পৰ্ক ছেদ কৰিছে।কোভিড-১৯ৰ বাবেই ইখনৰ পাছত সিখন জিলাই গুৱাহাটীৰ পৰা কোনো লোক এই সংশ্লিষ্ট জিলালৈ যোৱাতো বাৰণ কৰিছে। তিনিচুকীয়া, যোৰহাট, নগাঁও, মৰিগাওঁকে ধৰি কেইবাখনো জিলাই কোৰোনা পৰিস্থিতিৰ বাবে এনে সিদ্ধান্ত লৈছে।

নগাঁও জিলা প্রশাসনেও গুৱাহাটীৰ পৰা নগাঁৱলৈ যাতায়ত বন্ধ কৰি দিছে। এই সন্দৰ্ভত নগাঁও জিলা কৰ্তৃপক্ষই এক জাননী জাৰি কৰিছে। এই জাননীত জনস্বাস্থ্য আৰু কোৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত লোৱা বুলি দিছে।ডিজেজষ্টাৰ মেনেজমেন্ট এক্ট, ২০০৫ৰ ৩৪ নং ধাৰা অনুসৰি এই জাননী জাৰি কৰিছে নগাঁও প্ৰশাসনে।

যদি কোনো লোক গুৱাহাটীৰ পৰা নগাঁৱলৈ আহে তেনেহ’লে ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইনত থাকিব লাগিব। কামৰূপ মহানগৰৰ পৰা যোৱা কোনো লোকৰ কোভিড সদৃশ লক্ষণ দেখা পালে তেওঁলোকক ১০৪ত ফোন কৰিব কোৱা হৈছে। এই নিৰ্দেশত চৰকাৰী লোককো পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নগাঁৱলৈ যাবলৈ বাধা দিয়া হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি