মৰিগাঁও জিলা প্ৰশাসনৰ ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী…

মৰিগাঁও জিলা প্ৰশাসনৰ ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী…

ডিজিটেল ডেস্ক,মায়ং : আসন্ন বিধান সভাৰ নিৰ্বাচনৰ বাবে সাজু উঠিছে মৰিগাঁও জিলা প্ৰশাসন। ইতিমধ্যে জিলা উপায়ুক্ত কার্যলয় ত ভাগে ভাগে বিভিন্ন পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰী সকলক লৈ সভা আৰু প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে।

মৰিগাঁও জিলা প্ৰশাসনে আসন্ন ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে এলানি প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে । সেই অনুসৰি যোৱাকালি ২ মাৰ্চ তাৰিখে প্ৰিজাইদিং আৰু পলিং বিষয়া সকলক প্ৰথম পৰ্য্যায়ৰ প্ৰশিক্ষণ দিয়া হয় । মৰিগাঁও মহাবিদ্যালয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাঁও উচ্চতৰ বহুমুখী বিদ্যালয়ত ৰাতিপুৱা ১০ বজাৰ পৰা ১২-৩০ বজালৈ আৰু আবেলি ১-৩০ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ ২০৭৬ গৰাকী প্ৰিজাইদিং আৰু পলিং বিষয়া সকলে অংশ গ্ৰহণ কৰে আৰু ৮৩ গৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে ।

৩ মাৰ্চ তাৰিখেও দ্বিতীয় আৰু তৃতীয় পলিং বিষয়া সকলৰ ওপৰত উল্লেখিত কেন্দ্ৰ সমূহত প্ৰশিক্ষণ কাৰ্য চলি আছে । সেইদৰে ৪ মাৰ্চ, ৫ মাৰ্চ, ৮ মাৰ্চ, ৯ মাৰ্চ আৰু ১৬ মাৰ্চ তাৰিখলৈ নিৰ্বাচনৰ বাবে নিয়োজিত বিভিন্ন বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী চলিব ।এক প্ৰেছ বিবৃতি যোগে এই কথা জানিবলৈ দিয়ে মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in