নাম সলনি কৰা হ’ল ভাৰতৰ দ্ৰুততম ৰেলগাড়ীখনৰ…

নাম সলনি কৰা হ’ল ভাৰতৰ দ্ৰুততম ৰেলগাড়ীখনৰ…

ডিজিটেল ডেস্কঃ ভাৰতৰ দ্ৰুততম ৰে'ল 'ট্ৰেইন-১৮'ৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে ৰে'ল মন্ত্ৰী পীয়ুষ গোৱেলে৷ দেওবাৰে কেন্দ্ৰীয় ৰে'লমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ভাৰতৰ দ্ৰুততম এই ৰে'লগাড়ীখনৰ নতুন নাম ৰখা হৈছে 'বন্দে ভাৰত ট্ৰেইন'৷ দিল্লীৰ পৰা বানাৰসলৈ চলিব লগা এই ৰে'লখনৰ চালনত ইতিমধ্যে অনুমোদন জনাইছে ৰে'ল মন্ত্ৰণালয়ে৷ প্ৰধানমন্ত্ৰীৰ অনুমোদন পিছতে ভাৰতৰ দ্ৰুততম ৰে'লগাড়ীখন যাত্ৰীৰ বাবে উপলবদ্ধ হ'ব৷

জানিব পৰা মতে, এই দ্ৰুততম ৰে'লখনৰ টিকটৰ হাৰ অইন ৰে'লতকৈ অধিক বেছি৷ ৰে'লখনৰ এক্সিউকেটিভ ক্লাছত যাত্ৰা কৰিবৰ বাবে টিকটৰ হাৰ ২৮০০ৰ পৰা ২৯০০ টকা ধাৰ্য কৰা হৈছে৷ আনহাতে সাধাৰণ শ্ৰেণীৰ টিকটৰ হাৰ ১৬০০ৰ পৰা ১৭০০ পৰ্যন্ত হ'ব পাৰে৷

দিল্লীৰ পৰা কানপুৰ আৰু প্ৰয়াগৰাজ হৈ বানাৰসলৈ চলিবলগা ভাৰতৰ এই দ্ৰুততম ৰে'লগাড়ীখনৰ যাত্ৰাত কেৱল এই দুটা স্তপেজেই থাকিব৷ ৮ ঘন্টাত ৭৫৫ কিলোমিটাৰ যাত্ৰা কৰিবলগীয়া এই ৰে'লখনে যাত্ৰীসকলৰ সময় বচোৱাৰ লগতে এক আৰামদায়ক ৰে'ল যাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰে'ল মন্ত্ৰণালয়ে৷ বৰ্তমানলৈকে থকা দ্ৰুততম ৰে'লসমূহৰ দিল্লীৰ পৰা বানাৰস যাত্ৰাত প্ৰয়োজন হয় ১১ ঘন্টাৰ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in