এটিএমক লৈ গৃহ মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা

এটিএমক লৈ গৃহ মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা

ডিজিটেল ডেস্কঃ দেশৰ প্ৰায়বোৰ নগৰ-চহৰতে এটিএম সেৱাক লৈ গ্ৰাহকসকল বিতুষ্ট হৈ অহাৰ সময়তে আন এক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। নতুন নিৰ্দেশনা কাৰ্যকৰী হ'লে গ্ৰাহকসকলে সন্ধিয়াৰ পূৰ্বেই এটিএমৰ পৰা ধন উলিয়াবলগীয়া হ'ব পাৰে।

এই নিৰ্দেশনাটোত আগন্তুক বৰ্ষৰ পৰা নগৰাঞ্চলৰ এটিএমসমূহত নিশা ৯ বজাৰ পিছত আৰু গ্ৰামাঞ্চলৰ এটিএমসমূহত সন্ধিয়া ৬ বজাৰ পিছত টকাৰে পৰিপূৰ্ণ নকৰিবলৈ কোৱা হৈছে। আনহাতে নক্সাল প্ৰভাৱিত অঞ্চলসমূহত বিয়লি ৪ বজাৰ পিছত এটিএমত ধন নভৰাবলৈ নিৰ্দেশ জাৰি কৰিছে।

বিগত সময়ছোৱাত এটিএমসমূহত সংঘটিত হোৱা বিভিন্ন ডকাইতি কাণ্ড, নগদ ধন কঢ়িওৱা বাহন লুণ্ঠন, এটিএম প্ৰৱঞ্চনা আদিৰ দৰে ঘটনাসমূহ বৃদ্ধি পাবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। প্ৰকাশিত বাতৰি অনুযায়ী নতুন নিৰ্দেশনা অহা বৰ্ষৰ ৮ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব।

উল্লেখ্য যে এটিএমসমূহত নগদ ধন ভৰাবৰ বাবে সমগ্ৰ দেশতে ৮০০০তকৈও অধিক ব্যক্তিগত খণ্ডৰ টকা কঢ়িওৱা বাহন আছে। এই বাহনসমূহে বিভিন্ন বেংকসমূহৰ বাবে প্ৰতিদিনে ১৫,০০০ কোটি টকাক সৰবৰাহ কৰে। সময়ে সময়ে এনে বাহনসমূহে মাজনিশাও নগদ ধন সৰবৰাহ কৰি আহিছে। বাহনসমূহত বন্দুকধাৰী নিৰাপত্তাৰক্ষী থাকে যদিও সুৰক্ষাৰ দিশটোলৈ চায়েই নতুন বৰ্ষৰ পৰা নিশাৰ ভাগত এনেদৰে নগদ ধনৰ সৰবৰাহ কৰাতো বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

গৃহ মন্ত্ৰণালয়ৰ এই নিৰ্দেশনাটোত এটিএমৰ বাবে নগদ ধন কঢ়িওৱা বাহনসমূহক লৈও একাধিক নতুন নিয়ম নিৰ্ধাৰণ কৰি দিছে। এনে নিয়মসমূহৰ ভিতৰত আছে বাহনসমূহত অত্যাধুনিক চিচিটিভি কেমেৰা সংযোগকৰণ, জিপিএছ ট্ৰেকিং চিষ্টেম, ছিকউৰিটি এলাৰ্ম স্থাপন আদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in