পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯জনলৈ বৃদ্ধি

ৰাজ্যত পুনৰ ৪৫৯৩জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমানলৈ ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৮,৯৯৯জনলৈ পাইছে বৃদ্ধি। সুস্থ হোৱা লোকৰ সংখ্যা ৪৭,২০৯জনলৈ পাইছে বৃদ্ধি।আনহাতে, চিকিৎসাধীন হৈ আছে ২১৬২৬জন ৰোগী। তদুপৰি, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি।

২. বাংগালুৰুত উদ্ধাৰ নগাঁৱৰ যুৱতীৰ ৰক্তাক্ত মৃতদেহ

বাংগালুৰুত ৰহস্যজনক ভাৱে মৃত্যু নগাঁৱৰ এগৰাকী যুৱতীৰ। বাংগালুৰুত বন্ধ কোঠাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ ৰক্তাক্ত মৃতদেহ। নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ নিবাসী প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ কন্যা পৰিণীতা বৰা বুলি চিনাক্ত কৰা হৈছে।

৩. হত্যাকাণ্ডত দোষী সাব্যস্ত দেবোলাল গাৰ্লোচাই ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বিৰোধিতা

হাফলঙত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱোলাল গৰ্লোচাই। কিন্তু দেৱোলাল গৰ্লোচাই যোৱা বছৰ ১৫ আগষ্টত দিয়া ভাষণ আৰু শেহতীয়া আইনী মোকৰ্দমা, গোচৰৰ ধাৰা ইত্যাদিৰ পৰিপেক্ষিতত কোনোপধ্যেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰে বুলি ৰাজ্যখনৰ ৰাজনৈতিক আৰু সচেতন মহলে মন্তব্য কৰিছে।

৪. বাংগালুৰুত ফেচবুক পোষ্টক লৈ হিংসাত্মক ঘটনা, আৰক্ষীৰ গুলীচালনাত তিনিজনৰ মৃত্যু

বাংগালুৰুত মঙলবাৰে নিশা এক ফেচবুক পোষ্টক কেন্দ্ৰ কৰি সংঘটিত হয় হিংসাত্মক ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে ভিৰ কৰা স্থানীয় লোকৰ ওপৰত লাঠীচালনাৰ লগতে কন্দোৱা গেছ নিক্ষেপ আৰু গুলীচালনা কৰে। এই গুলীচালনাত মৃত্যু হয় তিনিজন লোকৰ।

৫. পত্নীসহ অসম আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত কোৰোনাত আক্ৰান্ত

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পত্নীৰ দেহতো কোৰোনাৰ উপস্থিতি। পত্নী স্বপ্নালী মহন্তক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে জি এম চি এইচত। বুধবাৰে কৰা কোৰোনা টেষ্টত তেওঁৰ ৰিজাল্ট আহিছিল পজিটিভ। উল্লেখ্য যে, কেইটামানদিনৰ পূৰ্বে ভাস্কৰ জ্যোতি মহন্তৰ লগতে তেওঁৰ গাড়ীচালকৰ দেহত ধৰা পৰিছিল কোৰোনা। বৰ্তমান ভাস্কৰ জ্যোতি মহন্ত ভৰ্তি হৈ আছে জি এম চি এইচত।

৬. কেৰালাৰ ইড্ডুকিত সংঘটিত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৫৪জন

কেৰালাৰ ইড্ডুকি জিলাৰ ভয়ংকৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি। ৫৪গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা। বুধবাৰে ২গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰশাসনে সদৰি কৰা মতে, ১৬গৰাকী লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।

৭. স্বাস্থ্য অধিক অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

এতিয়াও সুস্থ হোৱা নাই প্ৰণৱ মুখাৰ্জী। ৮৪ বছৰীয়া দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি ভেন্টিলেটৰতে আছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।সোমবাৰে নিশা দিল্লীৰ আৰ্মি ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত মগজুৰ এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ।

৮. উত্তৰপ্ৰদেশত ৩০০ বিচনাযুক্ত কোভিড-১৯ হাস্পতালৰ নিৰ্দেশ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বুধবাৰে গোৰখপুৰ বিআৰডি মেডিকেল কলেজত উপস্থিত হয়। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলক ৩০ আগষ্টৰ ভিতৰত ৩০০ বিচনাযুক্ত কোভিড-১৯ হাস্পতাল নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়ে।

৯. অসমৰ ১৭লাখ পৰিয়ালে প্ৰতি মাহৰ ১ তাৰিখে পাব ৮৩০টকা

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। অৰণোদয় আঁচনি ৰূপায়নৰ বিভিন্ন দিশ সামৰি এই সংবাদমেল। তেওঁ কয়, অসমৰ চৰকাৰৰ এইখন আচনি একক আৰু অনন্য। এতিয়াৰে পৰা যেতিয়া এটা পৰিয়াল আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক প্ৰদান কৰা হব প্ৰতিমাহে আৰ্থিক সাহায্য। প্ৰতিমাহত প্ৰদান কৰা হব ৮৩০টকাকৈ। চলিত মাহৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হব এই নতুন আচনি। ১৭ আগষ্টৰ পৰা আচঁনিখনৰ কাম আৰম্ভ হব।

১০. বিশ্ব হস্তী দিৱস

বিশ্ব হাতী দিৱস ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এই দিনটো বিশেষ ভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷কাৰণ বিশ্ববিখ্যাত এশিঙিয়া গঁড়ৰ বিচৰণ ভূমি হিচাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা কাজিৰঙা বৰ্তমান বাঘৰ লগতে ৩২৭০ বৰ্গকিলোমিটাৰ এলেকা জুৰি কাজিৰঙা কাৰ্বি আংলং এলিফেন্ট ৰিজাৰ্ভ হিচাবেও সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in