শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  ১৪ দিন জেলতেই কটালে ৰিয়াই...  •  খাটনিয়াপাৰ গাওঁ পঞ্চায়তৰ বিৰুদ্ধে একাংশ সুযোগ সন্ধানী লোক, আচনিৰ বিৰুদ্ধে অভিযোগেৰে কাম বন্ধৰ চেষ্টা...  •  ৰাজ্যসভাৰ নিলম্বিত বিৰোধী সাংসদৰ সমগ্ৰ নিশা প্ৰতিবাদ  •  ৰাজ্যত ভুমিকম্পৰ জোকাৰণি...  •  ভূমিকম্পই কঁপালে গুৱাহাটী মহানগৰ...  •  ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি...  •  দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩,৫৬৮ জনলৈ বৃদ্ধি...

পুৱাৰ খবৰ…

336

১. অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৭৭১৪জনলৈ বৃদ্ধি

ৰাজ্যত পুনৰ ২২১৮জনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ। আৰু সুস্থ হৈছে ১৭৮২জন লোক। অসমত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৭৭১৪জনলৈ বৃদ্ধি পাইছে। ইফালে, সুস্থ হৈ উঠিছে ৪০,৫৯১জন লোক। উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত ১৬৯৮০জন ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৪০জনলৈ পাইছে বৃদ্ধি।

২. বিশ্বৰ ধনী লোকৰ তালিকাৰ চতুৰ্থ স্থানত মুকেশ আম্বানী

ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ চেয়াৰমেন মুকেশ আম্বানী সমগ্ৰ বিশ্বৰ ভিতৰত ধনী ব্যক্তিৰ তালিকাত চতুৰ্থ স্থান লাভ কৰিছে। ব্লুমবাৰ্গ বিলিয়নিয়াৰ্ছ ইনডেক্সৰ সমীক্ষা অনুসৰি, মুকেশ আম্বানীৰ সম্পত্তি ৮০.৬ আৰৱ ডলাৰলৈ বৃদ্ধি পাইছে। আৰু ইয়াৰ পাছতে তেওঁ বিশ্বৰ চতুৰ্থজন ধনী ব্যক্তি ৰূপে পৰিচয় লাভ কৰিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ বৰ্তমানলৈ মুকেশ আম্বানৰ সম্পত্তি ২২ আৰৱ ডালৰ বৃদ্ধি পাইছে।

৩. সুশান্ত সিং ৰাজপুতৰ হত্যাকাণ্ডক লৈ বিহাৰত ৰাজনীতি কৰা হৈছেঃ মুম্বাই আৰক্ষী

মুম্বাই আৰক্ষীয়ে বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ হত্যাকাণ্ডক লৈ বিহাৰত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে। মুম্বাই আৰক্ষীয়ে কয় যে, বিহাৰ চৰকাৰে চিবিআইৰ তদন্তৰ অনুৰোধ কৰাতো উচিত নাছিল। কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ এই অনুৰোধ মানি লোৱাত কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ সম্বন্ধৰ সংবিধানিক মৰ্যাদাৰ বিৰোধিতা কৰা হৈছে।

৪. উত্তৰপ্ৰদেশত এগৰাকী গৃহহীন বৃদ্ধাক প্ৰহাৰ ছিকিউৰিটী গাৰ্ডৰ

উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত এখন চৰকাৰী হাস্পতালৰ ছিকিউৰিটী গাৰ্ডে প্ৰহাৰ কৰে এগৰাকী ৮০ বছৰীয়া গৃহহীন বৃদ্ধাক। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। হাস্পতালখনৰ বাহিৰত নিশা আশ্ৰয় লোৱা বৃদ্ধাগৰাকীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ছিকিউৰিটী গাৰ্ডজনে। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাৰ্ডজনক।

৫. দেশৰ ভিতৰত কোৰোনা ভাইৰাছত সৰ্বাধিক লোক আক্ৰান্ত মহাৰাষ্ট্ৰত

মহাৰাষ্ট্ৰত ৫ লাখৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫,০৩,০৮৪জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ১২৮২২জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি আৰু মৃত্যু হৈছে ২৭৫জনৰ। ইয়াৰ পাছতে ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭৫১জনলৈ পাইছে বৃদ্ধি।

৬. কলাইগাঁও কাণ্ডৰ পুনৰাবৃত্তি! ছিপাঝাৰত তান্ত্ৰিকৰ প্ৰৰোচনাত হত্যাকাণ্ড

দৰঙত পুনৰ কলাইগাওঁ কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে৷ তান্ত্ৰিকৰ প্ৰৰোচনাত কলাইগাঁৱৰ এখন ঘৰ সম্পূৰ্ণ কৈ নিঃশেষ হৈ যোৱাৰ ঘটনাৰ পাছত পুনৰ দৰঙৰ উপৰ কুৰুৱাত তান্ত্ৰিকৰ প্ৰৰোচনাত পৰি এজন লোকক হত্যা কৰে৷ উপৰ কুৰুৱাৰ উপেন ডেকা নামৰ লোকজনৰ ৫ জনীয়া পৰিয়ালটিয়ে নিকৰ্তবতি কেশৱ দাসৰ পত্নীক ঘৰতে টাঙোনেৰে প্ৰহাৰ কৰে৷ তাৰ পিছতে দা ৰে ৫ জনীয়া পৰিয়ালটিয়ে কেশৱ দাস নামৰ প্ৰায় ৫০ উৰ্দ্ধৰ লোক জনক চোকা অস্ত্ৰৰে আঘাট কৰে৷

৭. স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰিগাঁও আৰক্ষীৰ সাফল্য, ১৩ লক্ষাধিক টকা নকল নোটসহ ২জনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান। মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত চলোৱা হয় এই অভিযান। জিলাখনৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলীত ১৩ লাখ ৪০ হাজাৰ নকল টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। নকল টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় দুজনক।

৮. কেৰালাত দুৰ্ঘটনাত পতিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ ব্লেক বক্স উদ্ধাৰ

কেৰালাৰ কোঝিকোডত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১৮জনকৈ লোকে হেৰুৱাইছে প্ৰাণ। ইফালে শনিবাৰে এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ডিজিচিএ বিভাগ বিষয়া সদৰী কৰা মতে, বিমানখনৰ ধ্বংসস্তূপত লাভ কৰা হৈছে ডিএফডিআৰ অৰ্থাৎ ব্লেক বক্স। এই ব্লেক বক্সৰ দ্বাৰা বিমান দুৰ্ঘটনাৰ সময়ত ক’কপিটত বৈমানিকৰ মাজত হোৱা কথা-বতৰাসমূহ জানিব পাৰিব।

৯. অমিতাভ বচ্চনৰ পাছতে পুত্ৰ অভিষেক বচ্চনো কোৰোনামুক্ত

কোৰোনামুক্ত হ’ল অভিনেতা অভিষেক বচ্চন। শনিবাৰে চিকিৎসালয়ৰ পৰা অভিনেতাজনক ঘৰলৈ যাবলৈ দিয়া হয়। এই কথা ছচিয়েল মিডিয়াযোগে জনালে পিতৃ অমিতাভ বচ্চনে। উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে অমিতাভ বচ্চনো কোৰোনামুক্ত হোৱাৰ পাছত বৰ্তমান হোম কোৱাৰেন্টাইনত আছে।

১০. দিল্লীত ভয়ংকৰ এলিপিজি চিলিণ্ডাৰ বিস্ফোৰণ, মহিলাসহ গুৰুতৰভাৱে আহত ৬জন

দক্ষিণ দিল্লীৰ টিগ্ৰিত সংঘটিত হয় এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলাসহ ৬জনকৈ লোক। ইফালে, বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড। ৮খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই। আনহাতে, আহত আটাইকেইজনক ভৰ্তি কৰা হৈছে চিকি…সালয়ত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি