352

১. অসমত ৬১,৭৩৭জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা

ৰাজ্যত সোমবাৰে ২৯০০জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ইয়াৰে ৩৮২জন কামৰূপ মেট্ৰ, ২৯৪জন কামৰূপ গ্ৰাম্য, ২৫০জন ডিব্ৰুগড় আৰু ২০০জন নগাঁৱৰ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬১৭৩৭জনলৈ পাইছে বৃদ্ধি। ইফালে, অসমত সুস্থ হোৱা লোকৰ সংখ্যা ৪৩৫৮৬জনলৈ পাইছে বৃদ্ধি। আনহাতে, চিকিৎসাধীন হৈ আছে ১৭৯৯৭জন ৰোগী। উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫১জনলৈ পাইছে বৃদ্ধি।

২. প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী চিকিৎসালয়ত ভেন্টিলেটৰত ৰখা হৈছে

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক ভেণ্টিলেটৰ ছাপৰ্টত ৰখা হৈছে আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফেল হাস্পতালত। মগজুৰ অস্ত্ৰোপচাৰৰ পাছতে তেওঁক ৰখা হয় ভেন্টিৰেলটৰ ছাপৰ্টত। উল্লেখ্য যে, সোমবাৰে পুৱা ভাগত তেওঁ কোভিড টেষ্ট কৰাইছিল। য’ত তেওঁক কোভিড পজিটিভ বুলি ধৰা পৰিছিল। টুইটাৰযোগে খোদ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কোৰোনাত আক্ৰান্ত হোৱা কৰিছিল সদৰী।

৩. ভাৰতৰ শীৰ্ষ ৫ আৰ্ম ৰেছলাৰৰ ভিতৰত অসমৰ সিদ্ধাৰ্থ মালাকাৰ

ডিপিআৰচিৰ প্ৰাক্তন ফিজিঅ’থেৰাপিষ্ট ডাঃ সিদ্ধাৰ্থ মালাকাৰে ভাৰতৰ শীৰ্ষ ৫জন আৰ্ম ৰেছলাৰৰ ভিতৰত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে চৰকাৰী কোনো সাহায্য বা সহাঁৰি লাভ কৰা নাই মালাকাৰে। উল্লেখ্য যে, তেওঁক দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সহায় কৰিছিল ডিপিআৰচিৰ লগতে কিছু সদাশয় ব্যক্তিয়ে।

৪. তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু কোভিড ৰোগীৰ…

সোমবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন। হঠাৎ অসুস্থ হৈ মজিয়াত ঢলি পৰি মৃত্যুক সাৱটিলে কোৰোনাত আক্ৰান্ত এজন ৰোগীয়ে। দেওবাৰে নিশা হাস্পতালখন ভৰ্তি কৰা হৈছিল ৰোগীজনক। সোমবাৰে পুৱা হঠাৎ খোজকাঢ়ি থকা অৱস্থাতে ঢলি পৰে লোকজন। লোকজন ঢলি পৰাৰ বহু পাছতহে চিকিৎসক অহা বুলি অভিযোগ উত্থাপন হৈছে।

৫. বান সমস্যাঃ অসমসহ দেশৰ ৬ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্রধানমন্ত্ৰীৰ অনলাইন বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ ৬খন ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত সোমবাৰে বুজ লয়। ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্রধানমন্ত্ৰী মোডী এক গুৰুত্বপূৰ্ণ বৈঠকত বহে। অসম বিহাৰ, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অনলাইনযোগে বান পৰিস্থিতি সন্দৰ্ভত কৰা হয় আলোচনা।

৬. সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

সোমবাৰে অনুষ্ঠিত হয় সোনোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক। বৈঠকত গ্ৰহণ কেইবাটাও গুৰুত্বৰূপূৰ্ণ সিদ্ধান্ত। অসমৰ লাইব্ৰেৰীয়ান সকলৰ দৰমহা ৯০০ ৰ পৰা ১২ হাজাৰলৈ বৃদ্ধি কৰাৰ পোষকতা কেবিনেটত। আনহাতে সহায়কসকলৰ দৰমহা বৃদ্ধি কৰা হ’ল ৫৫০ টকাৰ পৰা ৯৫০০ টকালৈ। বেচৰকাৰী বিদ্যালয়ৰ মাচুলৰ ক্ষেত্ৰটো সিদ্ধান্ত বৈঠকত। লগতে বহু সিদ্ধান্ত গ্ৰহণ কৰা হয় এই কেবিনেট বৈঠকত।

৭. মণিপুৰৰ চৰকাৰৰ আস্থা ভোটঃ বিজেপিৰ জয়

মণিপুৰত এন বীৰেন সিং চৰকাৰে বিধানসভাত ২৮টা আস্থা ভোটত জয়ী হয়। আস্থা ভোটত জয়ী হোৱাৰ পাছত মুখ্যমন্ত্ৰী সিঙে কয় যে, আমি গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিছো। অধ্যক্ষই যি কৰিছে নিয়মানুসৰি কৰিছে।

৮. যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, দুজন লোকে হেৰুৱালে প্ৰাণ

দেওবাৰৰ মাজনিশা যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড। সিংহী স্কুটাৰছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড। দুজনকৈ লোক নিহত হৈছে এই অগ্নিকাণ্ডত। কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে এই অগ্নিকাণ্ডত। জুইৰ বাবে গৃহটোত আৱদ্ধ হৈ থকা কেইবাজনো লোক জাঁপ দিয়ে সমীপতে বৈ যোৱা টোকোলাই নদীত। প্ৰায় ৪ টা গৃহলৈকে সম্প্ৰসাৰিত হয় এই অগ্নিকাণ্ড।

৯. দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ বৃহৎ অভিযান, উদ্ধাৰ ৫০ কোটি টকাৰ চোৰাং চন্দন কাঠ

দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু অমৰোহা আৰক্ষীয়ে অনৱৰী হৱেলীত যুটীয়া অভিযান চলায়। এই অভিযান কালত উদ্ধাৰ কৰে ৫০ কোটি টকা মূল্যৰ চোৰাং চন্দন গছৰ কাঠ। লগতে গ্ৰেপ্তাৰ কৰা হৈছে ৩টা চোৰাং কাঠ সৰবৰাহকাৰীক।

১০. দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ ৯০ শতাংশলৈ বৃদ্ধি

ৰাজধানী দিল্লীত কোৰোনা ভাইৰাছৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ হাৰ  ৯০ শতাংশৰো অধিক হৈছে। ৰাজধানী দিল্লীত বৰ্তমান এই ভাইৰাছত আক্ৰান্ত ৭.০৭ শতাংশ লোকহে হৈ আছে চিকিৎসাধীন। ইফালে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ ২.৮২ শতাংশ ৰাজ্যখনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি