ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ টেলি শিক্ষাৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি…

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ টেলি শিক্ষাৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি…

ডিজিটেল ডেস্ক : ৪ নৱেম্বৰ ২০২০ ৰ পৰা কাৰ্যকাৰী কৰী হোৱাকৈ ৰাজ্যৰ শিক্ষা বিভাগে বিনামূলীয়াকৈ টেলি শিক্ষা আৰম্ভ কৰিছে । এই শিক্ষাৰ জৰিয়তে চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰীয়ে শিক্ষাদানৰ সুযোগ লাভ কৰিব । ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এটা টোল ফ্ৰী নম্বৰৰ জৰিয়তে তেওলোকৰ পাঠ্যক্ৰম সন্দৰ্ভত বিশেষজ্ঞ শিক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰিব । এই টোল ফ্ৰী নম্বৰটি হ'ল ১৮০০৩৪৫৩৫৭৮ ।

টোল ফ্ৰী নম্বৰত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ষষ্ঠ আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে আৰু বিয়লি ভাগত ১ বজাৰ পৰা ৩ বজালৈ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ফোন কৰিব পাৰিব । সোমবাৰে ইংৰাজী,মঙলবাৰে সমাজবিজ্ঞান,বুধবাৰে বিজ্ঞান, বহস্পতি বাৰে সমজ বিজ্ঞান, শুক্ৰবাৰে মানসিক আৰু সামাজিক সম্পৰ্কত আৰু শনিবাৰে ভাষা বিষয়ত পৰামৰ্শ ৰ্ৰহণ কৰিব পাৰিব ছাত্ৰ ছাত্ৰী সকলে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in