এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আতৰোৱা হ’ব টোল গেট : নীতিন গাডকাৰী…

এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আতৰোৱা হ’ব টোল গেট : নীতিন গাডকাৰী…

ডিজিটেল ডেস্ক : এবছৰৰ ভিতৰত সকলো টোল গেট আতৰোৱা হ'ব আৰু টোলৰ পৰিমাণ জিপিএছ ইমেজিংৰ জৰিয়তে সংগ্ৰহ কৰা হ'ব । এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে । বৃহস্পতিবাৰে সদনত এই কথা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

গাডকাৰীয়ে সদনত কয় যে, "মই সদনক আশ্বাস দিছো যে এবছৰৰ ভিতৰত সকলো টোল গেট আঁতৰ কৰা হ'ব। ইয়াৰ অৰ্থ হৈছে যে টোলবোৰ নাথাকিব কিন্তু আপুনি আহা যোৱাৰ সময়ত কেমেৰাৰে নিৰিক্ষন কৰা হ'ব আৰু অনলাইন যোগে টকা লোৱা হব । আগৰ চৰকাৰ বোৰৰ সময়ত বহুতো স্থানত চহৰাঞ্চলৰ ভিতৰত টোল গেট নিৰ্মান কৰা হৈছিল । সেয়া আঁতৰোৱা টো এবছৰত সম্পূৰ্ণ কৰা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in