শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

মনিষৰ স্বৰ্ণ সিংঘৰাজৰ ৰূপৰ সৈতে টকিঅ’ত ভাৰতৰ পদকৰ সংখ্যা ১৫ লৈ বৃদ্ধি..

ডিজিটেল ডেস্কঃ টকিঅ’ পেৰালিম্পিকত ভাৰতৰ পেৰা শ্বুটাৰে ৪ ছেপ্টেম্বৰত ভাৰতৰ হৈ আৰু ২টা পদক জয় কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ পেৰা শ্বুটাৰ মনিষ নাৰৱালে শ্বুটিং পি4 মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ 1 ইভেণ্টত স্বৰ্ণ জয় কৰাৰ লগতে সিংঘৰাজে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে।

মনিষে মুঠ ২১৮.২ পইণ্টৰ সৈতে স্বৰ্ণ জয় কৰাৰ লগতে সিংঘৰাজে মুঠ ২১৬.৭ পইণ্টৰ সৈতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কোৱালিফায়াৰ ৰাউণ্ডত সিংঘৰাজে ৫৩৬ পইণ্টৰ সৈতে চতুৰ্থ স্থানত আৰু মনিষ নাৰৱালে ৫৩৩ পইণ্টৰ সৈতে সপ্তম স্থানত আছিল।

মনিষ আৰু সিংঘৰাজৰ দুয়োটা পদকৰ সৈতে প্ৰতিযোগিতাখনত ভাৰতৰ পদকৰ সংখ্যা ১৫ টালৈ বৃদ্ধি হৈছে। যাৰ ভিতৰত আছে ৩ টা সোণ, ৭ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক। টকিঅ’ পেৰালিম্পিকত ভাৰতীয় শ্বুটাৰ সিংঘৰাজৰ এইটো দ্বিতীয় পদক। তেওঁ পূৰ্বে পুৰুষৰ পি-১, ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ শ্ৰেণীত ব্ৰঞ্জৰ পদক জয় কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি