পুনৰ টকিঅ’ত গুঞ্জৰিত হ’ল ৰাষ্ট্ৰীয় সংগীতঃ ১ টা স্বৰ্ণসহ ভাৰতৰ ৭ টা পদক…

পুনৰ টকিঅ’ত গুঞ্জৰিত হ’ল ৰাষ্ট্ৰীয় সংগীতঃ ১ টা স্বৰ্ণসহ ভাৰতৰ ৭ টা পদক…

ডিজিটেল ডেস্কঃ দীৰ্ঘসময়ৰ মূৰত টকিঅ' অলিম্পিকত ৰাষ্ট্ৰীয় সংগীত গুঞ্জৰিত হোৱাৰ পাছত পুনৰ টকিঅ'ত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত বাজি উঠিল ভাৰতীৰ ৰাষ্ট্ৰীয় সংগীত। ৩০ আগষ্ট সোমবাৰে ভাৰতীয় পেৰা শ্বুটাৰ অৱনী লেখৰাই পেৰা অলিম্পিকত স্বৰ্ণ পদক লাভ কৰাৰ পাছতে পদক প্ৰদানৰ সময়চোৱাত মঞ্চত বাজি উঠা ৰাষ্ট্ৰীয় সংগীতে ভাৰতৰ প্ৰতিজন নাগৰিকক গৌৰৱাম্বিত কৰি তুলিছে।

টকিঅ'ত পুনৰ বাৰ অৱনীৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীত বাজি উঠাৰ বাবে পেৰা খেলুৱৈগৰাকীক ধন্যবাদ জনাইছে ইতিমধ্যে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় জেভলীন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই। ইয়াৰ উপৰিও অৱনীক অভিনন্দন জনাইছে টকিঅ'ত ৰূপৰ পদক লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত্তোলক মীৰা বাঈ চানুৱেও।

৩০ আগষ্ট সোমবাৰে টকিঅ' পেৰালিম্পিকত পুৱাৰে পৰা ভাৰতে সুন্দৰ আৰম্ভণি কৰিছে। অৱনী লেখৰাই ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰে। ইয়াৰ পাছতে জেভলিন থ্ৰ'ত ভাৰতে মুঠ তিনিটা পদক জয় কৰে।

যোগেশ কাথুনিয়াই পুৰুষৰ এফ ৫৬ শ্ৰেণীত ডিছকাছ থ্ৰ'ত প্ৰথমটো ৰূপৰ পদক জয় কৰাৰ পাছতে দ্বিতীয়টো ৰূপৰ পদক জয় কৰে দেৱেন্দ্ৰ ঝাজাৰিয়াই।আনহাতে সুন্দৰ সিঙে ব্ৰঞ্জৰ পদক জয় কৰে।

উল্লেখ্য যে, ভাৰতে এতিয়ালৈকে টকিঅ'ত অনুষ্ঠিত হোৱা পেৰালিম্পিকত ১ টা সোণ, ৪ টা ৰূপ আৰু ২ টা ব্ৰঞ্জসহ ৭ টা পদক জয় কৰিছে। ইয়াৰ লগে লগে ভাৰতৰ এয়া হৈ পৰিছে এতিয়ালৈকে আটাইতকৈ সফল পেৰালিম্পিক। ইয়াৰ পূৰ্বে, ভাৰতে ২০১৬ ৰ ৰিঅ' অলিম্পিক আৰু ১৯৮৪ ৰ অলিম্পিকত 4 টাকৈ পদক জয় কৰিছিল।

প্ৰতিযোগিতাখনত ভাৰতীয় খেলুৱৈসকলে লাভ কৰা এই সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীযৰ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলে প্ৰতিজন খেলুৱৈক অভিনন্দন জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in