অলিম্পিকলৈ ৭ দিনঃ খেলুৱৈয়ে নিজেই ল’ব পাৰিব পদক..

অলিম্পিকলৈ ৭ দিনঃ খেলুৱৈয়ে নিজেই ল’ব পাৰিব পদক..

ডিজিটেল ডেস্কঃ মাত্ৰ এসপ্তাহ। তাৰ পাছতেই আৰম্ভ হ'ব বিশ্ব ক্ৰীড়াৰ সৰ্ব্বোচ্ছ প্ৰতিযোগিতা অলিম্পিক। ২০২০ চনৰ ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিক কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে এবছৰ পিছুৱাই ২০২১ চনৰ ২৩ জুলাইৰ পৰা অনুষ্ঠিত হ'ব। ইতিমধ্যে আয়োজক জাপানে সম্পূৰ্ণৰূপে টকিঅ' চহৰক সজাই তুলিছে।

কোভিডৰ সংক্ৰমণৰ বাবে সৌ সিদিনা লৈকে জৰুৰী অৱস্থা বাহাল আছিল জাপানৰ টকিঅ' চহৰত। দেশখনৰ অন্যান্য কেইবাটাও প্ৰান্তৰ লগতে ৰাজধানী টকিঅ'ত কোভিড সংক্ৰমণে ভায়াবহ ৰূপ ধাৰণ কৰাৰ বাবেই জাপানৰ চৰকাৰে দীৰ্ঘসময়ৰ বাবে টকিঅ' সহিতে কইবাখনো মূল চহৰত জৰুৰী অৱস্থা ঘোষণা কৰিছিল। ইয়াৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় মহলত পুনৰ টকিঅ' অলিম্পিক বাতিল হ'বনেকি বুলি এক চিন্তাই গাকৰি উঠিছিল।

জাপানৰ প্ৰায় ৭০ শতাংশৰো অধিক লোকে টকিঅ' অলিম্পিকৰ বিৰোধীতা কৰিছিল। তেওঁলোকৰ এই স্থিতি এতিয়াও বাহাল আছে। আনহাতে একাংশ জাপানী লোকে টকিঅ' অলিম্পিকৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছে। জাপানৰ চৰকাৰৰ মন্ত্ৰীয়েও কোভিড পৰিস্থিতিৰ মাজত এই অলিম্পিক অনুষ্ঠিত কৰাৰ পক্ষত নাছিল। তাৰ মাজতো জাপানৰ প্ৰধনমন্ত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষই যিকোনো পৰিস্থিতিতেই টকিঅ' অনুষ্ঠিত হ'ব বুলি কৈ আহিছিল।

অৱশেষত সকলো অনিশ্চয়তা দূৰ কৰি টকিঅ' অলিম্পিক অনুষ্ঠিত হোৱাটো নিশ্চিত হ'ল। ইতিমধ্যে টকিঅ' অভিমুখে ৰাওনা হৈছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিখন দেশৰ শ্ৰেষ্ঠ খেলুৱৈসকল। অন্যান্য দেশৰ লগতে ভাৰতৰো এটা দল ইতিমধ্যে টকিঅ' অভিমুখে ৰাওনা হৈছে।

কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অলিম্পিকৰ নীতি নিয়মত কিছু পৰিবৰ্তন নিশ্চিত হৈ পৰিছে। কোৰোনাৰ বাবেই এইবাৰ অলিম্পিকত নাথাকিব পূৰ্বৰ দৰে দৰ্শক। ইয়াৰ উপৰিও খেলুৱৈৰ বাবেও আছ বহু নিষেধাজ্ঞা। পূৰ্বৰ দৰে খলুৱৈয়ে নাপাব এক মুকলি পৰিবেশ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল টকিঅ' অলিম্পিকত এইবাৰ পদক বিজয়ী খেলুৱৈক পদক ডিঙিত পিন্ধাই দিবলৈ নাথাকিব কোনো বিশষ অতিথি। পদক বিজয়ী খেলুৱৈয়ে নিজেই পৰিধান কৰি ল'ব লাাগিব বিজয়ৰ স্বীকৃতি পদক।সকলো ইভেণ্টৰ স্বৰ্ণ পদক, ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক বিজয়ীয়ে নিজেই পৰিধান কৰি ল'ব লাগিব অলিম্পিকস্থলীত।

বিজয়ী খেলুৱৈৰ স্বীকৃতি এই পদকসমূহ নিৰ্দিষ্ট একাংশ ব্যক্তিয়ে খেলুৱৈৰ কাষলৈ লৈ যাব। যিগৰাকী ব্যক্তিয়ে খেলুৱৈৰ বাবে এই পদক কঢ়িয়াই নিব তেওঁ হাতত পৰিধান কৰিব গ্ল'ভছ। আনহাতে সকলোকে পূৰ্বে কোভিড পৰীক্ষা কৰা হ'ব।সকলো কোভিড নিগেটিভ হিচাপে চিহ্নিত হ'ব লাগিব।

ইফালে খেলুৱৈসকলে সকলো সময়তে পৰিধান কৰিব লাগিব মাস্ক। মাস্ক পৰিধান নকৰাকৈ কোনো খেলুৱৈ, চাপৰ্টিং ষ্টাফ, টেকনিকেল ষ্টাফ অলিম্পিকস্থলীত পৰিভ্ৰমণ কৰিব নোৱাৰিব। সকলোৰে বাবে মাস্ক বাধ্যতামূলক কৰা হৈছে।কেৱল খেলাৰ সময়তহে খেলুৱৈয়ে মাস্ক খুলিব পাৰিব।

এইদৰে বহু কঠোৰ নীতি নিয়মৰ মাজেৰে ২৩ জুলাইৰ পৰা অুনুষ্ঠিত হ'ব টকিঅ' অলিম্পিক। এতিয়া বহু অনিশ্চয়তাৰ মাজেৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা নানান প্ৰত্যাহ্বানক নেউচি কিদৰে সফলতাৰে অনুষ্ঠিত হয় সেয়া লক্ষণীয় হ'ব। এই মুহূৰ্তত বিশ্বৰ সকলো প্ৰান্তৰে ক্ৰীড়া প্ৰেমিৰ এটাই আশা সফলতাৰে অনুষ্ঠিত হওক টকিঅ' অলিম্পিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in