অলিম্পিক যোগ্যতা অৰ্জনত সফল হ’বনে হিমা?

অলিম্পিক যোগ্যতা অৰ্জনত সফল হ’বনে হিমা?

অলিম্পিক যোগ্যতা অৰ্জনত সফল হ'বনে হিমা?

ডিজিটেল ডেস্কঃ সমাগত টকিঅ' অলিম্পিক। প্ৰতিযোগতিতাখনলৈ মাজত মাত্ৰ ৪৩ তা দিন। কোৰোনা ভাইৰাছৰ বাবে এবছৰ পিছুৱাই দিয়া বিশ্ব ক্ৰীড়া সমাৰোহখন আগন্তু ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে জাপানৰ টকিঅ' চহৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰাৰ লগতে নিজকে বিশ্ব শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰি তুলিবলৈ সাজু হৈ পৰিছে। সকলোৱেই কৰি গৈছে কঠোৰতকৈ কঠোৰ অনুশীলন। ব্যতিক্ৰম নহয় ভাৰতীয় খেলুৱৈয়ো।

বৰ্তমানলৈকে ভাৰতৰ মুঠ ১০০ গৰাকী এথলিটে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ মাজত আছে ৫৬ গৰাকী পুৰুষ এথলিট আৰু ৪৪ গৰাকী মহিলা এথলিট। অৱশ্যে এতিয়াও অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাট মুকলি হৈ আছে। সেয়েহে আশা কৰা হৈছে টকিঅ' অলিম্পিকলৈ আৰু অধিক ভাৰতীয় খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিব।

টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলৰ মাজত আছে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই। গোলাঘাট জিলাৰ বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনাই ইতিমধ্যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেওঁ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ। বৰ্তমান লাভলীনাৰ স্থান বিশ্বক্ৰমত তিনি। শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰি অলিম্পিকত পদক জয়ৰ আশা সজীৱ কৰি তুলিছে লাভলীনাই। সকলোৱে আশা কৰিছে টকিঅ'ত পদক লাভ কৰিব বাৰমুখীয়াৰ জীয়ৰীগৰাকীয়ে।

লাভলীনাৰ উপৰিও টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ক্ৰীড়া সমাৰোহখনত আন এগৰাকী মহিলা এথলিটকো চাবলৈ বিচাৰে অসমৰ লগতে সমগ্ৰ দেশৰ জনতাই। 'ধিং এক্সপ্ৰেছ' হিচাপে খ্যাত ধিংৰ কান্ধুলিমাৰীৰ জীয়ৰী হিমা দাসক অলিম্পিকৰ ট্ৰেকট চাবলৈ বিচাৰে দেশবাসীয়ে। অসমৰ লগতে সমগ্ৰ দেশবাসীৰ এই আশা বাস্তবায়িত কৰিব পাৰিবনে হিমাই? এই প্ৰশ্ন এতিয়া ক্ৰীড়ানুৰাগীৰ মুখে মুখে।

২০১৮ চনত বিশ্ব জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ ধুমুহা আনিবলৈ সক্ষম হৈছিল 'স্বৰ্ণ কন্যা' হিমা দাসে। ইয়াৰ পিছত তেওঁ সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰি জাকাৰ্টা এছিয়ান গেমছত ৪x৪০০ মহিলা আৰু ৪x৪০০ মিক্সড শাখাত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও হিমাই বহু কেইখন অনুশীলন মেচত পদক জয় কৰি চৰ্চাৰ শীৰ্ষত উপনীত হ'বলৈ সক্ষম হৈছিল। কিন্তু এইগৰাকী হিমাৰ দুৰন্ত গতিলৈ হঠাৎ যেন নামি আহিল স্থবিৰতা। আঘাতৰ সমস্যাই জুৰুলা কৰিলে হিমাক।

হিমাৰ প্ৰিয় ইভেণ্ট ৪০০ মিটাৰ। এই ইভেণ্টত হিমাই লাভ কৰিছে সফলতা। কিন্তু পিঠিৰ আঘাতৰ সমস্যাৰ বাবে হিমাই চিকিৎসক, প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি ৪০০ মিটাৰৰ পৰিবৰ্তে ২০০ মিটাৰলৈ নিজৰ ইভেণ্ট সলনি কৰিলে। এতিয়া প্ৰশ্ন হয় ২০০ মিটাৰ ইভেণ্টত হিমা সফল হ'বনে? পাৰিবনে হিমাই টকিঅ'লৈ যোগ্যতা অৰ্জন কৰিবলৈ? টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ শেষ সীমা ২৯ জুলাই। বিগত দিন সমূহত অলিম্পিক যোগ্যতা অৰ্জনৰ বাবে হিমাই যিসমূহ সুযোগ লাভ কৰিছিল সেই সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হৈছিল। বিগত বৰ্ষলৈ লক্ষ কৰিলে দেখা যায় হিমাই অলিম্পিক কোৱালিফায়িঙৰ ওচৰ চাপিবলৈ সক্ষম হোৱা নাই।তথাপিও দোশবাসীয়ে আদৰৰ এথলিট গৰাকীয়ে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি মনত আশা পুহি ৰাখিছে।

হিমাই নিজৰ প্ৰিয় ইভেণ্ট ৪০০ মিটাৰ এৰি ২০০ মিটাৰলৈ আগমণ কৰাৰ লগে লগে অলিম্পিক যোগ্যতা অৰ্জন কৰাটো হিমাৰ পক্ষে অধিক কঠিন হৈ পৰে। বৰ্তমান ২০০ মিটাৰ ইভেণ্টত হিমাৰ বিশ্ব ক্ৰমত স্থান ১৩১। ইয়াৰ বিপৰীতে এই ইভেণ্টত ভাৰতৰ আন এগৰাকী এথলিট দ্যুতিচান্দৰ বিশ্ব ক্ৰমত স্থান ৪১। সেই অনুসৰি বিশ্ব ৰেংকিং কোটাৰ আধাৰত দ্যুতিচান্দে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সম্ভৱনা দেখা যায়। কিন্তু বিশ্ব ক্ৰমত ১৩১ নং স্থানত থকা হিমাৰ যে এই ইভেণ্টত যোগ্যতা অৰ্জন কৰাটো ইমান সহজ নহয় সেয়া নিশ্চিত।

হিমাৰ সন্মুখত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে এতিয়া আছে কেৱল এখন প্ৰতিযোগিতা। আগন্তুক ২৫ জুনৰ পৰা ২৯ জুনলৈ পাটিয়ালাত অনুষ্ঠিত হ'বলগীয়া ছিনিয়ৰ নেচনেল চেম্পিয়নশ্বিপখনেই হিমাৰ শেষ ভৰষা। প্ৰতিযোগিতাখনত হিমাই ১০০ মিটাৰ, ২০০ মিটাৰৰ উপৰিও ৰীলেত অংশগ্ৰহণ কৰিব। যিহেতু ১০০ মিটাৰ আৰু ২০০ মিটাৰ ইভেণ্টত টকিঅ'লৈ যোগ্যতা অৰ্জন কৰাটো হিমাৰ পক্ষে এতিয়া বৰ সহজ নহয় সেয়েহে হিমাই ৰীলে ইভেণ্টৰ জড়িয়তেই টকিঅ'লৈ যোগ্যতা অৰ্জন কৰিবলৈ চেষ্টা কৰিব।

বৰ্তমান বিশ্ব এথলেটিকছৰ ৪০০ মিটাৰ মিক্সড ৰীলেত ভাৰতে সপ্তম স্থান অধিকাৰ কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে পুৰুষ আৰু মহিলাৰ ৪০০ মিটাৰ ৰীলে দল দুটাই ১৪ আৰু ১৫ সংখ্যক স্থান দখল কৰিছে। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ ক্ষেত্ৰত এই দল দুটাৰ এতিয়াও কিছু আশা দেখা যায়। হিমাই যিহেতু ৪০০ মিটাৰ দৌৰিবলৈ বাদ দিছে সেয়েহে হিমাই ৪x১০০ মিটাৰ ৰীলেৰ জড়িয়তে টকিঅ'লৈ যোৱাৰ আশা পুহি ৰাখিছে। 'ৰ'ড টু টকিঅ' অলিম্পিক'ৰ ৰেংকিংত ভাৰতৰ ৪x১০০ মিটাৰ মিক্সড ৰীলে দলটোৰ স্থান ২২। যিহেতু ২৫ জুনৰ পৰা ২৯ জুনলৈ ছিনিয়ৰ নেচনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব, এই চেম্পিয়শ্বিপতেই উন্নত প্ৰদৰ্শনৰ জড়িয়তে ভাৰতৰ ৪x১০০ মিক্সড ৰীলে দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ চেষ্টা চলাব।

সেয়া যিয়েই নহওক সকলোৱে আশা কৰিছে যিকোনো প্ৰকাৰে টকিঅ'লৈ যাওক হিমা। হিমাৰ প্ৰশিক্ষকে ধৰি এথলেটিকছ ফেডাৰেছন অৱ ইণ্ডিয়াৰ কৰ্মকতাই বিভিন্ন সময়ত কৈ আহিছে টকিঅ'লৈ যাব হিমা। অসমৰ লগতে দেশৰ লাখ লাখ ক্ৰীড়া অনুৰাগীয়েও সেয়াই আশা কৰিছে। টকিঅ'লৈ যাওক হিমা। দেশক বিশ্ব ক্ৰীড়া সমাৰোহখনত দেশক প্ৰতিনিধিত্ব কৰি ধিং এক্সপ্ৰেছ হিমাই ধুমুহা নমাই আনক টকিঅ'ৰ ট্ৰেকত। অসমৰ লগতে দেশৰ লাখ লাখ ক্ৰীড়ানুৰাগীৰ এই আশা হিমাই বাস্তৱত পৰিণত কৰিব পাৰিবনে নাই সেয়া সময়ে ক'ব। আমি মাথোঁ কৰিব লাগিব অপেক্ষা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in