কেন্সাৰে প্ৰাণ ল’লে পত্নীৰ, নিতৌ পত্নীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বহি সুখ-দুখৰ কথা পাতে স্বামীয়ে…

কেন্সাৰে প্ৰাণ ল’লে পত্নীৰ, নিতৌ পত্নীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বহি সুখ-দুখৰ কথা পাতে স্বামীয়ে…

ডিজিটেল ডেস্কঃ প্ৰেমৰ বহু কালজয়ী কাহিনী আছে, তাৰ ভিতৰত অন্যতম উদাহৰন ছাহজাহান-মুমতাজ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল বিশ্বৰ অপূৰ্ব সৃষ্টি তাজমহল। মুমতাজৰ বাবে প্ৰেমিক স্বামী ছাহজাহানৰ এই কাৰ্য এতিয়াও প্ৰত্যেক প্ৰেমিক যুগলৰ মুখে মুখে।

বিজয় কুমাৰ আৰু পত্নী

কিন্তু শেহতীয়াকৈ চণ্ডীগড়ৰ এজন লোক পত্নীৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবে বিশেষ চৰ্চা লাভ কৰিছে। ৭০ বছৰীয়া চণ্ডীগড়ৰ বিজয় কুমাৰ নামৰ এজন ব্যৱসায়ীয়ে পত্নীৰ মৃত্যুৰ পাছত নিৰ্মাণ কৰিছে এটা পূৰ্ণ অৱয়ৱ প্ৰতিমুৰ্তি। কেৱল প্ৰতিমূৰ্তি নিৰ্মানে নহয় নিতৌ পত্নীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সুখ-দুখৰ কথাও পাতে কুমাৰে।

জীৱিত অৱস্থাৰ ফটো

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি চণ্ডীগড়ৰ ব্যৱসায়ী বিজয় কুমাৰৰ পত্নী কেন্সাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ২০১২ চনতে। কিন্তু পত্নীক অফুৰন্ত ভাল পোৱা বিজয় কুমাৰে আজিও পত্নীৰ মৃত্যুৰ কথা মানি লব নোখোজে। পত্নীৰ স্মৃতিত তেও এতিয়ালৈকে লিখিছে ৫ খন কিতাপ। সুবহু প্ৰয়াত পত্নীৰ বীণা কুমাৰৰ দৰেই এই প্ৰতিমূৰ্তিটোৰ ওজন প্ৰায় ১১০০ কেজি।

ৰাজস্থানত নিৰ্মান কৰা এই মূৰ্তিতো বিজয় কুমাৰে ৰাখিছে নিজৰ কোঠাত। প্ৰতিদিনেই পত্নীৰ প্ৰতিমূৰ্তিৰ সন্মুখতহে আহাৰ গ্ৰহণ কৰে বিজয় কুমাৰে। দিনটোৰ অন্তত সকলো কথা পত্নীৰ মূৰ্তিৰ সন্মুখত কৈ হে শান্তি লভা বিজয় কুমাৰক লৈ এতিয়া চছিয়েল মিডিয়াতো ব্যাপক চৰ্চা। কোনো কোনোৱে বিজয় কুমাৰৰ এই কাহিনী শুনি মন্তব্য কৰিছে যে, সৰু সৰু কথাতে বিবাহ বিচ্ছেদৰ দৰে পৰ্যায় পোৱা স্বামী-স্ত্ৰীয়ে এনে ঘটনাৰ পৰা শিক্ষা লোৱা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in