আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা…

ফাইল ফটো
ফাইল ফটো
  • আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা।
  • ১৪ মাৰ্চত অন্ত পৰিব লগা এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ২,৪২,৮৪৩গৰাকী পৰীক্ষাৰ্থী।
  • ইয়াৰে কলা শাখাত ১,৮৬,১৮৭গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাত ৩৭,৪৫৫গৰাকী, বাণিজ্য শাখাত ১৮,২৯১গৰাকী আৰু বৃত্তিগত শাখাত ৯১০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব।
  • এইবাৰৰ পৰীক্ষাত বৰপেটা জিলাত সৰ্বাধিক ১৫,৫৪২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলঙত সৰ্বনিম্ন ১,১৩৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব।
  • ৰাজ্যৰ ৭৭২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'‍ব লগা পৰীক্ষাৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
  • উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰলৈ ব্যৱহৃত হ'ব জামাৰ।
  • ৰাজ্যৰ ২৫টা স্পৰ্শকাতৰ কেন্দ্ৰত লগোৱা হ'ব জামাৰ।
  • দুটা পৰীক্ষাৰ মাজৰ ব্যৱধান কম কৰা হৈছে এইবাৰৰ পৰীক্ষাত।
  • পূৰ্বতকৈ ১০ দিন পূৰ্বে অনুষ্ঠিত পৰীক্ষা। নকলৰ পয়োভৰ আৰু বেমেজালি হ্ৰাসৰ বাবে পূৰ্বতকৈ কমোৱা হৈছে ৬১টা পৰীক্ষা কেন্দ্ৰ।
  • সুচাৰুৰূপে পৰীক্ষা পৰিচালনা কৰিবৰ বাবে ৯২৪গৰাকী ছুপাৰভাইজ আৰু ৩৩গৰাকী নিৰীক্ষকক নিয়োগ কৰিছে শিক্ষা সংসদে।
  • ইতিমধ্যে ১১টা স্থানত প্ৰশিক্ষণ দিয়া হৈছে ছুপাৰভাইজৰ-নিৰীক্ষকসকলক।
  • এটা পৰীক্ষা হলত দুফালৰ পৰা CCTV কেমেৰা সংস্থাপন কৰা হৈছে, পৰীক্ষাৰ ৪ দিনৰ পাছতো বন্ধ কৰিব নোৱাৰিব কেমেৰা।
  • পৰীক্ষা কেন্দ্রৰ ৫০ মিটাৰ নিলগত জাৰি থাকিব ১৪৪ ধাৰা।
  • চাইবাৰ অপৰাধৰ বাবে বিশেষ লোক নিয়োগ কৰা হৈছে, পৰীক্ষাত সহযোগ চাইবাৰ ইণ্টেলিজেন্স কমিটীৰো।
  • পেকেটিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে শিক্ষা সংসদে।
  • ছাত্ৰ-ছাত্ৰী আৰু পৰীক্ষা নিৰীক্ষকে নিব নোৱাৰিব মোবাইল ফোন, ঘড়ী আৰু কেলকুলেটৰ।
  • পৰীক্ষা সমাপ্ত হোৱাৰ এঘণ্টা পূৰ্বে ওলালে প্ৰশ্নকাকত জমা দি যাব লাগিব পৰীক্ষা কেন্দ্ৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in