হিউষ্টনত আজি বহুচৰ্চিত হাউডি মোডী, দেওবাৰে পুৱাৰে ব্যস্ত প্ৰধানমন্ত্ৰী মোডী…

হিউষ্টনত আজি বহুচৰ্চিত হাউডি মোডী, দেওবাৰে পুৱাৰে ব্যস্ত প্ৰধানমন্ত্ৰী মোডী…

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টন চহৰত আজি অনুষ্ঠিত হব বহুচৰ্চিত হাউডি মোডী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'হাউডী মোদী' কাৰ্যসূচীত ৫০ হাজাৰৰো অধিক প্ৰবাসী ভাৰতীয়ক সম্বোধন কৰিব। এই অনুষ্ঠানত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পো। হিউষ্টনৰ এনআৰজি ষ্টেডিয়ামত হ'বলগীয়া এই কাৰ্যসূচীক লৈ এতিয়া ব্যাপক উৎসাহ-উদ্দীপনা।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, 'হাউডী মোদী' অনুষ্ঠানত উপস্থিত থকাৰ বাবে ৫০ হাজাৰ লোকে নাম পঞ্জীয়ন কৰিছে। আমেৰিকাস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত হৰ্ষ ভি শ্ৰীংলাই শুকুৰবাৰে এন আৰ জি ষ্টেডিয়ামত অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। এই সমাৰোহ সফল কৰিবলৈ ১৫ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে দিন–নিশাই কাম কৰি আছে।

ইফালে দেওবাৰে পুৱাৰে পৰা প্ৰধানমন্ত্ৰী মোডী বিভিন্ন কাৰ্য্যসূচীত হৈ পৰিছে ব্যস্ত। পুৱাই আমেৰেকা যুক্তৰাষ্ট্ৰৰ তৈলক্ষেত্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছতে তেওঁ আমেৰিকাত বাস কৰা শিখ সম্প্ৰদায় লোকসকলৰ এক অনুষ্ঠানত অংশ লয়।ইয়াৰ উপৰিও হিউষ্টন চহৰত বাস কৰা কাশ্মীৰী পণ্ডিত সমাজৰ এক অনুষ্ঠানতো অংশ লয় মোডীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in