অৰূপ বৰবৰাৰ এয়া কেৱল নিৱন্ধৰ গ্ৰন্থ নহয়, সময়ৰ দলিলঃ নিতুমনি শইকীয়া

অৰূপ বৰবৰাৰ এয়া কেৱল নিৱন্ধৰ গ্ৰন্থ নহয়, সময়ৰ দলিলঃ নিতুমনি শইকীয়া

ডিজিটেল ডেস্কঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰেইনব' পাব্লিকেশ্যচনৰ দ্বাৰা প্ৰকাশিত লেখক, অধিবক্তা অৰূপ বৰবৰাৰ 'গনতন্ত্ৰ বনাম স্বৈৰতন্ত্ৰ' আৰু 'নাগৰিকপঞ্জী কেব আৰু কা' শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয়। 'গণতন্ত্ৰ বনাম স্বৈৰতন্ত্ৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে এসময়ৰ এগৰাকী বিশিষ্ট অধিবক্তা তথা সমাজ সংগঠক অনিল কুমাৰ ভট্টাচাৰ্যই আৰু 'নাগৰিকপঞ্জী কেব আৰু কা' শীৰ্ষক গ্ৰন্থখন যৌথভাৱে উন্মোচন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া আৰু প্ৰাগ্ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে।

অনুষ্ঠানৰ আৰম্ভণিতে লেখক বৰবৰাই গ্ৰন্থ দুখন ৰচনাৰ আঁৰৰ কিছু কথা ব্যক্ত কৰে। তেওঁ কয় যে জাতিৰ এই সংকটৰ সময়ত জনসাধাৰণ তথা যুৱ-প্ৰজন্মই গণতন্ত্ৰ, নাগৰিকত্ব সংশোধনী আইন, নাগৰিকপঞ্জী আদিৰ বিষয়ে সহজ-সৰল ভাষাত বুজাত সহায় হোৱাকৈ গ্ৰন্থ দুখন তেওঁ ৰচনা কৰিছে। ইয়াৰ উপৰিও গ্ৰন্থ দুখনত চৰকাৰৰ ভুল নীতি-নিৰ্দ্দেশনাৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱা সাংবাদিক তথা সাধাৰণ জনতাক অপদস্ত কৰাৰ কথাও বৰ্ণনা আছে।

উন্মোচক অনিল কুমাৰ ভট্টাচাৰ্যই ভাষণত গ্ৰন্থ দুখনৰ সন্দৰ্ভত কয় যে, "অৰূপ বৰবৰা এগৰাকী অসমৰ সুলেখক। তেওঁ লিখি উলিওৱা এই গ্ৰন্থ দুখনে অসমৰ জনসাধাৰণৰ মাজত বহুল চৰ্চা লাভ কৰিব।" ইয়াৰ উপৰিও ভট্টাচাৰ্যই কেতবোৰ বিষয়ৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। তেওঁ গণতন্ত্ৰ সন্দৰ্ভত ভাষণত কয়, ''মোৰ বদনাম আছে, কাৰণ মই কঠোৰ ভাষাত সত্য কথা কওঁ। আপোনালোকে বুকুত হাত থৈ ক'ব পাৰিবনে যে আজিৰ প্ৰেক্ষাপটত দেশত প্ৰকৃতাৰ্থক গণতন্ত্ৰই কৃতকাৰ্যতা লাভ কৰিছে? গণতন্ত্ৰত প্ৰকৃততে মানুহ স্বাধীন হ'ব পাৰিব লাগিব।' '

একাংশ অধিবক্তাৰ কাৰ্যত তেখেতে অসন্তুষ্টি প্ৰকাশ কৰি কয় , "অধিবক্তা সকলে কেছ এটা জিকাৰ স্বাৰ্থত উচিত মাত নামাতে। ভুল হ 'লেও জ্যেষ্ঠ অধিবক্তাৰ কথা কনিষ্ঠ অধিবক্তাই মানি ল'ব লগা হোৱাৰ বাবে আজিও বহু নিৰপৰাধী লোক কাৰাগাৰত বন্দী হৈ থাকিব লগা হৈছে।"

আনহাতে, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই গ্ৰন্থ দুখন সন্দৰ্ভত কয়, "অৰূপ বৰবৰাৰ স্বকীয় গদ্য শৈলীয়ে মোক আকৰ্ষিত কৰে। গ্ৰন্থ দুখনে অসমৰ সমাজ জীৱনৰ বহু কথা পাঠক সমাজৰ মাজলৈ লৈ যাব। অৰূপ বৰবৰাৰ গ্ৰন্থ দুখন কেৱল নিৱন্ধৰ গ্ৰন্থ নহয়, এয়া উঠি অহা প্ৰজন্মৰ বাবে সময়ৰ দলিল।"

সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কিছু কথা সামৰি শইকীয়াই কয়, "অসমৰ ৰাজনীতি এতিয়া উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰেহে হৈছে। চৰকাৰ বিৰোধী কথা ক'লেই বহু সাংবাদিকক সামাজিকভাৱে অপদস্ত কৰে । ময়ো তাৰ বলী হৈছিলো। 'কা' আন্দোলনৰ বিৰুদ্ধে মাত মতাৰ বাবে মোক ফোন যোগে ভাবুকিও দিছিল। মোক এন.আই.এ ৰ বিষয়া সকলে সোনাপুৰত জেৰাও কৰিছিল। তথাপিও মই ভাগৰি নপৰো। মোক বগা কাপোৰেৰে ঢাক দিয়াৰ আগমুহূৰ্তলৈকে মই কাকো ভয় নকৰাকৈ মাত মাতি যাম।"

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাংবাদিকৰ সন্মূখত বক্তব্য নৰখাৰ সন্দৰ্ভত শইকীয়াই কয় যে, "অভিনেতা অক্ষয় কুমাৰ আৰু অৰ্ণৱ গোস্বামীক যদি মোডীয়ে সাক্ষাৎকাৰ দিব পাৰে তেন্তে সাংবাদিক ৰবীশ কুমাৰক কিয় দিব নোৱাৰে?"

ভাষণত নিৰ্বাচন প্ৰসংগত প্ৰাগ্ নিউজৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কয়, "অসমত 'কা' বিৰোধী সংগ্ৰামখনৰ প্ৰভাৱ সমাগত নিৰ্বাচনত নাই। পশ্চিম বংগৰ নিৰ্বাচনত কিন্তু 'কা' বিৰোধী সংগ্ৰামে বিশেষ ভূমিকা লৈছে। 'কা' খন গৃহীত হল সঁচা কিন্তু 'কা' প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট সমস্যাৰ সন্মূখীন হ'ব। পংকজ বৰঠাকুৰে আঁতধৰা এই গ্ৰন্থ উন্মোচনী সভাত সমাজ সংগঠক পদ্মশ্ৰী অজয় দত্ত, লেখক অধিবক্তা সত্যেন্দ্ৰ প্ৰসাদ ডেকাকে আদি কৰি প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থাকে।             

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in