ভয়ংকৰ পুলৱামা আক্ৰমণৰ এটা বছৰঃ ছহিদ বীৰ জোৱান সকলক শত-সহস্ৰ প্ৰণাম দেশবাসীৰ…

ভয়ংকৰ পুলৱামা আক্ৰমণৰ এটা বছৰঃ ছহিদ বীৰ জোৱান সকলক শত-সহস্ৰ প্ৰণাম দেশবাসীৰ…

ডিজিটেল ডেস্কঃ ভয়ংকৰ পুলৱামা আক্ৰমণৰ এটা বছৰ, ২০১৯ৰ আজিৰ দিনটোতে সংঘটিত হৈছিল পুলৱামাত আক্ৰমণ। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গৈছিল ৪০ গৰাকীৰো অধিক CRPF জোৱানৰ। দেশমাতৃৰ বাবে ছহিদ জোৱানসকলৰ ভিতৰত আছিল অসমৰ মনেশ্বৰ বসুমতাৰী নামৰ জোৱানজন।

শুকুৰবাৰে ছহিদ জোৱানৰ প্ৰতি শত-সহস্ৰ প্ৰণাম জনাই বিভিন্ন স্থানত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইফালে জম্মু-কাশ্মীৰৰ লেখপুৰা সেনা কেম্পত বীৰ ছহিদ জোৱানৰসকৰ স্মৰণত সাজি উলিওৱা স্মাৰক আজিয়ে উদ্বোধন কৰা হ'ব। ভাৰতীয় সেনাৰ তৰফৰ পৰা এই কথা ইতিমধ্যে ৰাজহুৱা কৰিছে।

প্ৰাপ্ত খবৰ মতে, ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা এই স্মাৰকত জোৱানসকলৰ নাম, ফটোৰ লগতে লিখা থাকিব চি আৰ পি এফ মূলমন্ত্ৰ 'সেৱা আৰু নিষ্ঠা' বাক্যশাৰী। উল্লেখ্য যে, এই স্মাৰক পুলৱামা আক্ৰমণৰ সমীপতে নিৰ্মাণ কৰা হৈছে। ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীতে জেইছ-ই-মহম্মদৰ দুৰ্ধষ সন্ত্ৰাসবাদী আদিল আহমদ ডাৰে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in