৮ আগষ্টত সুধাকণ্ঠক প্ৰদান কৰা হ’ব ‘ভাৰতৰত্ন’, আমেৰিকাৰ পৰা আহি সপৰিয়ালে দিল্লীত তেজ হাজৰিকা…

৮ আগষ্টত সুধাকণ্ঠক প্ৰদান কৰা হ’ব ‘ভাৰতৰত্ন’, আমেৰিকাৰ পৰা আহি সপৰিয়ালে দিল্লীত তেজ হাজৰিকা…
  • ৮ আগষ্টত প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰদান কৰিব এই সন্মান।
'ভাৰতৰত্ন' ল'বলৈ আহি দিল্লীত উপস্থিত ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা…
  • ২০১৯ চনৰ জানুৱাৰীত ঘোষণা কৰা হৈছিল এই সৰ্বোচ্চ সন্মানৰ বাবে তিনিগৰাকীৰ নাম।
  • তাৰভিতৰত আছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা।
  • নিউয়ৰ্কৰ পৰা আহি দিল্লীত ৬ আগষ্টত উপস্থিত হৈছিলহি সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা।
ৰাষ্ট্ৰভৱনৰ পৰা তেজ হাজৰিকালৈ প্ৰেৰণ কৰা নিমন্ত্ৰণী পত্ৰখন…
  • সুধাকণ্ঠৰ লগতে এই সন্মান যচা হ'ব বিশিষ্ট সমাজকৰ্মী নানাজী দেশমুখ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ।
  • দিল্লীৰ তাজ হোটেলত বাহৰ পাতি আছে সোধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ পত্নী আৰু পুত্ৰই।
হোটেল তাজত সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা…
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰথমে তেজ হাজৰিকাই মৰণোত্তৰভাৱে সুধাকণ্ঠক প্ৰদান কৰা এই সন্মান গ্ৰহণ নকৰাৰ কথা কৈছিল।
  • পৰৱৰ্তী সময়ত সলনি কৰিলে তেওঁৰ সিদ্ধান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in