শেহতীয়া খবৰ
গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....  •  জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনঃ অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিনিময় প্ৰথা...  •  শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা...  •  গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন ...  •  ধেমাজিত ১৬৩ জনৰ কোভিড পজিটিভ...

ইডি, চিবিআইক চৰকাৰে ব্যৱহাৰ কৰে নিজৰ বাবে ! কেন্দ্ৰীয় চৰকাৰৰ ২ অধ্যাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মহুৱা মৈত্ৰ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে দই নতুন অধ্যাদেশ। এই অধ্যাদেশৰ অধীনত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডি আৰু চি বি আইৰ সঞ্চালকসকলৰ কাৰ্যকাল এতিয়া দুবছৰৰ বাধ্যতামূলক কাৰ্যকালৰ পিছত ৩ বছৰলৈ বৃদ্ধি কৰিব পৰা যাব। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই দুই নতুন অধ্যাদেশৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

তৃণমূল কংগ্ৰেছৰ সাংসদৰগৰাকীয়ে কৈছে যে, এই অধ্যাদেশসমূহ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়ৰ বিপৰীত। “মই উচ্চতম ন্যায়ালয়ত চিবিআই আৰু ইডি সঞ্চালকৰ কাৰ্যকাল বৃদ্ধি সম্পৰ্কীয় কেন্দ্ৰীয় অধ্যাদেশসমূহক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিছিলো, যিটো উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিপৰীত,” সাংসদজনে এক টুইটযোগে কয়।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এই অধ্যাদেশসমূহক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এইয়া দ্বিতীয় আবেদন। ইয়াৰ পূৰ্বে মঙলবাৰে অধিবক্তা এম এল শৰ্মাই একেধৰণৰ আবেদন দাখিল কৰিছিল।চৰকাৰৰ এই অধ্যাদেশৰ বিৰোধিতা কৰিছে অন্যান্য বিৰোধী দলসমূহেও। বিৰোধীয়ে কৈছে যে চৰকাৰে এই দুটা সংস্থাক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি