লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু এটা ষ্ট্ৰাইক চলাব পাৰে বিজেপিয়েঃ মমতা বেনাৰ্জী

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। সমান্তৰালভাৱে বৃদ্ধি পাইছে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাত্ৰাও। মঙলবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে পশ্চিম বংগত অশান্ত পৰিস্থিতি সৃষ্টি কৰাৰ বাবে মোডীয়ে নিৰ্বাচন প্ৰক্ৰিয়া দীঘলিয়া কৰিছে। বিজেপিয়ে নিজৰ যোজনাৰ অধীনত আৰু এটা আক্ৰমণ কৰিব বিচৰা বুলিও গুৰুতৰ অভিযোগ কৰে মমতা বেনাৰ্জীয়ে।

মঙলাবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোতে তৃণমূল কংগ্ৰেছৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা প্ৰাৰ্থীসকলৰ নামৰ তালিকাও প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ কয়, 'মোক একাংশ জ্যেষ্ঠ সাংবাদিকে কৈছে যে আৰু এটা ষ্ট্ৰাইক হ'ব। কেনে ষ্ট্ৰাইক সেয়া মই ক'ব নোৱাৰো। হয়তো এপ্ৰিলৰ ভিতৰতে আমাৰ 'তথাকথিত' সকলে এই আক্ৰমণ কৰিব পাৰে। সেইবাৰেই লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া ১৯ মে' পৰ্যন্ত কৰা হৈছে।'

তেওঁৰ এই মন্তব্যৰে নিৰ্বাচন আয়োগক অপমান কৰিব বিচৰা নাই বুলি স্পষ্ট কৰি দি মমতা বেনাৰ্জীয়ে কয়, 'মোক আপোনালোকে ভুল ধৰণে উপস্থাপন নকৰিব। নিৰ্বাচন আয়োগৰ দৰে এক সংবিধানিক সংস্থাক মই সন্মান কৰো। কিন্তু পশ্চিম বংগৰ পৰিস্থিতি বিনষ্ট কৰাটো বিজেপিৰ যোজনাৰ অধীনৰে এটা অংশ।'

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিয়ে। মমতা বেনাৰ্জীয়ে কৰা মন্তব্য যুক্তিহীন আখ্যা দি বিজেপিয়ে পশ্চিম বংগৰ বৰ্তমান পৰিস্থিতিৰ বাবে মমতা বেনাৰ্জীয়েই জগৰীয়া বুলি প্ৰত্যাভিযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in