লক ডাউনৰ কৰ্ম ব্যস্ততাৰ মাজতে দুৰ্গতৰ কাষত টীয়ক আৰক্ষী…

লক ডাউনৰ কৰ্ম ব্যস্ততাৰ মাজতে দুৰ্গতৰ কাষত টীয়ক আৰক্ষী…

ডিজিটেল সংবাদ, টীয়ক: লকডাউনৰ সময়ছোৱাত অসম আৰক্ষীৰ ভূমিকা অতিকৈ প্ৰসংশনীয়।দিন ৰাতি একেকাৰ কৰি নিজৰ কথা নাভাবি ভয়ংকৰ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে অঘোষিত অদৃশ্য যুদ্ধত অৱৰ্তীণ হৈছে প্ৰতিজন জোৱান।

প্ৰশাসনিক সকলো দ্বায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰাৰ মাজতে বহুজন এই ব্যস্ততাৰ মাজতে লক ডাউনৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা একাংশ দিন হাজিৰা কৰি খাটি খোৱা পৰিয়ালৰ এই দুৰ্যোগৰ সময়ত।তাৰে এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে যোৰহাট জিলাৰ সদাব্যস্ত টীয়ক আৰক্ষীয়ে।

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈৰ নেতৃত্বত এটা দলে টীয়কৰ জাঁজীমুখ,কাৱৈমাৰিকে ধৰি কেইবাটাও ভিতৰুৱা অঞ্চলত শতাধিক পৰিয়ালক চাউল,দাইল, চয়াবিন,বিস্কুত,আলু, পিয়াজ আৰু মিঠাতেলৰ এটাকৈ টোপোলা ঘৰে ঘৰে গৈ প্ৰদান কৰি মানবতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আৰু সকলো ৰাইজকে সামাজিক দূৰত্ব মানি প্ৰশাসনে ধাৰ্য কৰা নীতি নিয়ম আকোৱালি ল'বলৈ আহ্বান জনাইছে।

ইমান ব্যস্ততাৰ মাজতো দুৰ্গতসকলৰ বাবে কৰা এই কাৰ্যক সকলোৱে আদৰণি জনাইছে। ইপিনে দক্ষিণ দুলীয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে অঞ্চলটোৰ আৰ্ত সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in