তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ সাজু বিজেপি, ৩৫ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ…

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ সাজু বিজেপি, ৩৫ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ…

ডিজিচটেল ডেস্কঃ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ চলিত বৰ্ষৰ নিৰ্বাচনৰ প্ৰাৰ্খীৰ তালিকা প্ৰকাশ কৰিছে। দলটোৱে এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰিছে। এই তালিকা অনুসৰি ৫খন জিলাৰ ৩৫খন আসনত প্ৰতিদন্দ্বিতা কৰিব দলটোৱে।

ইয়াৰে মৰিগাওঁ জিলাৰ ১৯খন আসনত বিজেপিৰ প্ৰাৰ্থী সকলে প্ৰতিদন্দ্বিতা কৰিব। জামাদাৰী সমষ্টিৰ প্ৰাৰ্থী দুলাল ব্ৰহ্ম, বৰংগৰী সমষ্টিৰ প্ৰাৰ্থী অংকুৰ দেউৰী, ভূৰবান্ধা সমষ্টিৰ বিনয় কোঁৱৰ, কোঁৱৰগাওঁ সমষ্টিৰ জীৱন চন্দ্ৰ কোঁৱৰ ঢেকীয়াপহলা সমষ্টিৰ বীনাপানি বৰদলৈ , মনিপুৰ সমষ্টিৰ আইমনি পাটৰ, গড়মাৰি সমষ্টিৰ মৰমী বৰদলৈ,ঘগুৱা সমষ্টিৰ মিহিৰাম বৰদলৈ, ডামাল সমষ্টিৰ পৱন মান্তা, তেতেলীয়া সমষ্টিৰ খগেন চন্দ্ৰ বৰদলৈ, জোনবিল সমষ্টিৰ বিনিতা দৈমাৰী, ন খোলা সমষ্টিৰ তুলসী বৰদলৈ, নিলেই খোলা সমষ্টিৰ জীৱন কোঁৱৰ, গোভা সমষ্টিত মনি পাটৰ, বিহুবৰী সমষ্টিৰ পীতাম্বৰ বৰদলৈ, শলমাৰা সমষ্টিৰ নয়নমনি দেউৰী, ভোমোৰাগুৰি সমষ্টিৰ দেৱকান্ত বৰদলৈ , বৰপূজিয়া সমষ্টিৰ কমল বৰদলৈ আৰু জৰাবাৰী সমষ্টিৰ গীতামনি কলিতাই বিপেজি দলৰ হৈ প্ৰতিদন্দ্বিতা কৰিব।

অন্যহাতে কলিয়াবৰ জিলাৰ চাৰিপুনীয়া চাবুকধৰা সমষ্টিত মদন দেউৰী আৰু হোজাই জিলাৰ কাঁকি সমষ্টিত সুভাষ বসুমতাৰীয়ে প্ৰতিদন্দ্বিতা কৰিব। গুৱাহাটী মহানগৰ জিলাৰ ৬ খন আসনৰ প্ৰতিদন্দ্বী সকল হৈছে- ডিমৰীয়া সমষ্টিত মিলেশ্বৰী দেউৰী, ডিগাৰু সমষ্টিত জৱা ইংতি, ক্ষেত্ৰী সমষ্টিত দিব্যলতা বৈশ্য, সোনাপুৰ সমষ্টিত পৰেশ ৰহাং, আম্প্ৰি সমষ্টিত ভৱেশ কাঠাৰ আৰু ফং-আৰি সমষ্টিত টিকেন বসুমতাৰী।

আনহাতে, নগাওঁ জিলৈৰ ৮খন আসনৰ তপাকুঁচি সমষ্টিত সুৰুজ কোঁৱৰ, পুখুৰীপাৰ সমষ্টিত বিশ্বজ্যোতি পাটৰ, জোঙালবলহু সমষ্টিত প্ৰণৱজ্যোতি মচৰাং, চেহাৰি সমষ্টিত মোহন সেনাপতি, লুটুমাৰি সমষ্টিত বিতু বৰদলৈ, কমাৰগাঁও সমষ্টিত অজিৎ পাতৰ, নামবৰ লালুং সমষ্টিত ইন্দ্ৰ বৰদলৈ আৰু লালুঙপাৰ সমষ্টিত মদন বৰদলৈয়ে বিজেপি দলৰ হৈ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনত প্ৰাৰ্খীত্ব আগৱঢ়াব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in