১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা শ্বায়ত্ব পৰিষদৰ নিৰ্বাচন…

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা শ্বায়ত্ব পৰিষদৰ নিৰ্বাচন…

ডিজিটেল ডেস্ক : ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া তিৱা শ্বায়ত্ব পৰিষদৰ নিৰ্বাচন সম্পৰ্কে কামৰূপ মহানগৰ জিলা উপায়ুক্তই এক সংবাদমেল আয়োজন কৰে । কামৰূপ মহানগৰ জিলাত ৬ টা সমষ্টিত অনুষ্ঠিত হ'ব । জিলাখনৰ সমষ্টি কেইটা হ'ল – ২৬ নং ডিমৰীয়া সমষ্টি, ৩২ নং ডিগাৰু সমষ্টি, ৩৩ নং ক্ষেত্ৰী সমষ্টি,৩৪ নং সোনাপুৰ সমষ্টি, ৩৫ নং আমপৰি সমষ্টি,৩৬ নং ফোনং এৰি সমষ্টিত অনুষ্ঠিত হব ।

কামৰূপ মহানগৰ জিলাত মুঠ ভোট গ্ৰহন কেন্দ্ৰ আছে ১০০ টা । জিলাখনত সৰ্বমুঠ ভোটাৰৰ সংখ্যা ৭৮১৮০ জন । পুৰষ ভোটাৰৰ সংখ্যা ৩৮৩৬০ জন, মহিলা ভোটাৰৰ সংখ্যা ৩৯৮২০ জন ।সোনাৰাম খেলপথাৰত ষ্ট্ৰং ৰুম হোৱাৰ লগতে ভোট গননা অনুষ্ঠিত হ'ব ।

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে নমিনেচনৰ দিন ২৫ নৱেম্বৰ আনহাতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হ'ব ২৮ নৱেম্বৰ তাৰিখে । ইপিনে ১৭ ডিচেম্বৰৰ ৰাতিপুৱা ৭ বাজি ৩০ মিনিটত ভোট গ্ৰহণ আৰম্ভ হোৱাৰ লগতে বিয়লি ৪ বাজি ৩০ মিনিটত সমাপ্ত হ'ব ভোট গ্ৰহন । ১৯ ডিচেম্বৰ তাৰিখে ৰাতিপুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোট গননা ।

আনহাতে এইবাৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰা হ'ব । নিৰ্বানত অংশ গ্ৰহন কৰা প্ৰাৰ্ছীৰ বাবে বিভিন্ন নীতি নিয়ম বান্ধি দিয়া হৈছে । ২ খন গাড়ী ব্যৱহাৰ কৰিব পাৰিব প্ৰাৰ্থীয়ে । কোনো প্ৰাৰ্থীয়ে ধৰ্মীয় স্থানত নিৰ্বাচনি সভা পাতিব নোৱাৰিব। গাড়ী বাইক ৰেলিত অনুমতি লব লাগিব প্ৰশাসনৰ পৰা । চৰকাৰী বাহন নিৰ্বাচনী কামত ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰাৰ্থীয়ে । য'তে ত'তে নিৰ্বাচনী পোষ্টাৰ আৰিব নোৱাৰিব কোনো প্ৰাৰ্থীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in