কোন হ’ব তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহীঃ পৱন মান্তা নিজেই আশাবাদী, ৰমাকান্তৰো আছে প্ৰাৰ্থী

কোন হ’ব তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহীঃ পৱন মান্তা নিজেই আশাবাদী, ৰমাকান্তৰো আছে প্ৰাৰ্থী

ডিজিটেল ডেস্কঃ ৩৬ জনীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ৩৩খন আসনতে জয় লাভ কৰি অভূতপূৰ্ব সফলতা আহৰণ কৰিলে বিজেপিয়ে। এই লৈ মৰিগাঁৱৰ লগতে চুবুৰীয়া চাৰিখন জিলাৰ তিৱা অধ্যূষিত এলেকাত থকা বিজেপি সমৰ্থকে উল্লাসৰ মাজতে বিজয়ী প্ৰাৰ্থীসকলক লৈ আৰম্ভ হৈছে কাৰ নেতৃত্বত স্বায়ত্ত পৰিষদ গঠন হ'ব সেই ৰাজনীতি।

ইতিপূৰ্বেই এই কথা স্পষ্ট হৈছিল যে, তিৱা ৰাজনীতি দুই বিজেপি কাণ্ডাৰীৰ মাজত বিভক্ত হৈছে। এটা পক্ষ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অনুগত হোৱাৰ বিপৰীতে আনটো পক্ষক নেতৃত্ব দিছে বিজেপিৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ইফালে, বিদায় মুখ্য কাৰ্যবাহী পৱন মান্তাৰো আছে পুনৰ মুখ্য কাৰ্যবাহী হোৱাৰ সপোন।

শনিবাৰে ফলাফল ঘোষণাৰ পাছতে সংবাদমাধ্যমক তেওঁ ৰাজ্যিক নেতৃত্বই যাকে মুখ্য কাৰ্যবাহী পাতে সেয়াকে মানি ল'ব বুলি ক'লেও পীয়ুষ হাজৰিকা প্ৰক্ষেপিত প্ৰভাৱশালী তিৱা নেতা তুলসী বৰদলৈক মুখ্য কাৰ্যবাহী পতাৰ বিষয়টো যে তেওঁ আন্তৰিকতাৰে সমৰ্থন নকৰে তাৰ আভাস ইতিপূৰ্বে তেওঁ দি থৈছে।

ইফালে, পূৰ্বৰ মুখ্য কাৰ্যবাহী তথা বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ পুত্ৰ মদন দেউৰীক প্ৰাৰ্থিত্ব দিওৱাই নহয়, ১৯৩০টা ভোটৰ ব্যৱধানত বিজয়ী কৰি অনাৰ মুল লক্ষ্যই হ'ল স্বায়ত্ত পৰিষদত তেওঁৰ উত্তৰাধিকাৰী ৰূপে পুত্ৰক প্ৰক্ষেপ কৰা। অৱশ্যে নিৰ্বাচনী ফলাফলৰ পাছতেই তাৎক্ষণিকভাৱে তেওঁৰ এই পৰিকল্পনাৰ কথা মুকলিকৈ প্ৰকাশ নকৰিলেও সংবাদমাধ্যমক তেওঁ কয় যে, মুখ্য কাৰ্যবাহীৰ বাবে তেওঁৰ পচন্দৰ প্ৰাৰ্থী আছে। সেয়া সময়ত হাই কামাণ্ডক তেওঁ জনাব।

আনহাতে, লাহৰীঘাট, নগাঁও আদিৰ পৰা জিকি অহা গৰিষ্ঠ সংখ্যক সদস্যই যে, ৰমাকান্ত দেউৰীৰ সপক্ষে থাকিব সেয়াও নিশ্চিত। এনে পৰিপ্ৰেক্ষিততে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দলটোৰ সকলো নৱ নিৰ্বাচিত তিৱা পৰিষদৰ সদস্যৰ লগতে পীয়ুষ হাজৰিকা আৰু ৰমাকান্ত দেউৰীক গুৱাহাটীলৈ মাতি পঠিওৱা বুলিও জানিব পৰা গৈছে।

বিজেপিৰ সূত্ৰৰ খবৰ মতে, এই দুই নেতাই নিজা নিজা শিবিৰত নিৰ্বাচিত সদস্যসকলক সমাবেশিত কৰাৰ পূৰ্বেই ৰাজ্যিক নেতৃত্বই মুখ্য কাৰ্যবাহীৰ লগতে অন্যান্য সকলৰ বাচনি সম্পূৰ্ণ কৰি দুয়ো পক্ষকে নিৰস্ত্ৰ কৰাৰ বাবেই এনেদৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে। কিয়নো বিটিচিৰ নিৰ্বাচনোত্তৰ পৰিস্থিতিয়ে বিপাঙত পেলোৱা ৰাজ্যিক বিজেপি নেতৃত্বই মৰিগাঁৱৰ ক্ষেত্ৰত ৰিস্ক ল'ব খোজা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in