অসমৰ পৰা বিদেশী আমিহে খেদিব পাৰিমঃ টিয়কত অমিত শ্বাহৰ ওলোটা খৰ…VIDEO

অসমৰ পৰা বিদেশী আমিহে খেদিব পাৰিমঃ টিয়কত অমিত শ্বাহৰ ওলোটা খৰ…VIDEO

ডিজিটেল ডেস্কঃ কলিয়াবৰ নিৰ্বাচনী সভা সামৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৰাওনা হয় টীয়কলৈ। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ প্ৰচীৰৰ বাবে টীয়কত অনুষ্ঠিত হোৱা এখন বিশাল জনসভা সম্বোধন কৰে অমিত শ্বাহে এই সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি,অগপৰ কেইবাজনো জ্যেষ্ঠ নেতা।

ভাষণৰ প্ৰসংগত শ্বাহে কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে। এন আৰ চি ৰ প্ৰসংগক সাঙুৰি অমিত শ্বাহে কয়- অসমক বিদেশীৰ পৰা মুক্ত কৰিব কংগ্ৰেছে নোৱাৰে। আমি ৬০-৭০ বছৰ কংগ্ৰেছক দিলো কিন্তু তেওলোক সফল নহ'ল।' বিজেপি সভাপতি গৰাকীয়ে লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়-পূৰ্বতে হু ইজ বদৰুদ্দিন বুলি কোৱা কংগ্ৰেছে এতিয়া সেই কথা নকয়। কাৰণ বদৰুদ্দিনৰ সৈতে মিত্ৰতা কৰি তেওলোকে অসমলৈ বিদেশী আনিব বিচাৰিছে।'

কিছুদিনৰ পূৰ্বে ৰাহুলে অসমৰ উন্নতিৰ কথা কৈছিল। কিন্তু তেওৰ মুখত অসমৰ উন্নতিৰ কথা শোভা নাপায়। তেও অসমলৈ আহক, আমি উন্নতিৰ কথা নকও, অসমৰ ৰাইজে ৰাহুল বাবাক উন্নতিৰ হিচাপ দিব।'

লক্ষ্যণীয় ভাৱে এইসভা অমিত শ্বাহে এয়াৰ ষ্ট্ৰাইকৰ প্ৰসংগ টানি আনি কয়- ' যদি দেশৰ সুৰক্ষা বিচাৰিছে, যদি সন্ত্ৰাসবাদ নিৰ্মূল কৰিব বিছাৰিছে তেনেহলে বিজেপিক ভোট দিয়ক'

বিজেপি সভাপতি জনৰ ভাষণৰ সম্পুৰ্ণ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in