বিজেপিলৈ যাব নেকি তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা! স্থিতি স্পষ্ট কৰিলে বিধায়কগৰাকীয়ে…

বিজেপিলৈ যাব নেকি তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা! স্থিতি স্পষ্ট কৰিলে বিধায়কগৰাকীয়ে…

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি কিছু দিনৰ পৰা চলি থকা ব্যাপক চৰ্চাৰ ঢৌ নৌমাৰ যাওঁতেই সোমবাৰে পুনৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা অংশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায় তিতাবৰত । বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই বিজেপি জন আশীৰ্বাদ মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গামোছা পিন্ধোৱাৰ বাতৰি সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱা লগে লগে তিতাবৰৰ কংগ্ৰেছৰ শিবিৰত ব্যাপক খলকনি আৰু প্ৰতিক্ৰিয়া সৃষ্টি হয় ।

কংগ্ৰেছৰ হাই কামাণ্ডৰ ৰোষত পৰাৰ অনুমান কৰিব পাৰি বিধায়ক বৰুৱাই লগে লগে বিজেপি মঞ্চ ত্যাগ কৰি সংবাদ মাধ্যমৰ সন্মুখত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হয়। সাংবাদিকৰ আগত বিধায়ক গৰাকীয়ে কয় যে, বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাত মোক কোনেও ভুল বুজিব নালাগে । মই এগৰাকী জন প্ৰতিনিধি গতিকে উপায়ুক্তৰ নিমন্ত্ৰণ পাই মই গৈছিলো । গতিকে এই বিষয়ে মই বেছিকৈ নকওঁ ।

আনহাতে বিজেপিলৈ যোৱাৰ সন্দৰ্ভত তেওঁ কয়, দিল্লীলৈ গলে মই অসমৰ সাংসদসকলক লগ কৰো আৰু মন্ত্ৰীসকলক লগ পাওঁ । দুই এজনক সাক্ষাৎ কৰো । কিন্তু মই বিজেপিত যোগদান কৰাৰ কোনো কাৰণ নাই । পূৰ্বেও মই মোৰ স্থিতি স্পষ্ট কৰিছো । তিতাবৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ এগৰাকী বৰণ্য ব্যক্তি । তেখেতৰ আত্মাই দুখ পোৱা আৰু তিতাবৰৰ ৰাইজে কষ্ট পোৱা কাম মই কোনো দিনে নকৰো । মই সংবাদ মাধ্যমক অনুৰোধ কৰিছো বিজেপি যোগদান কৰা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰ নকৰে যেন । এতিয়া মোৰ একমাত্ৰ লক্ষ্য তিতাবৰৰ উন্নয়ন সাধন কৰা। ইয়াৰ বাহিৰে মই বেলেগ একো চিন্তা কৰা নাই ।

উল্লেখযোগ্য যে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমত বিজেপিত যোগদান নকৰো বুলি চাফাই দিলেও কিন্তু গোলাঘাট জিলা ভ্ৰমণ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষতো দেখাৰ উপৰিও প্ৰায় সংখ্যক বিজেপি মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ লগত সঘনাই দেখিবলৈ পোৱাতোৱে কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in