তিনিচুকীয়া-মাকুম পথত ভয়ংকৰ পথ দুৰ্ঘটনা, যুৱতীসহ নিহত দুই…

তিনিচুকীয়া-মাকুম পথত ভয়ংকৰ পথ দুৰ্ঘটনা, যুৱতীসহ নিহত দুই…

ডিজিটেল সংবাদ, তিনিচুকীয়া: দেওবাৰে পুৱাৰ ভাগত তিনিচুকীয়া-মাকুম পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱতীসহ দুজন নিহত হয়। এখন তীব্ৰবেগী ট্ৰাকে এখন মটৰ চাইকেলক পিচফালৰ পৰা মহতিয়াই নিয়াৰ ফলত মটৰ চাইকেলৰ দুই আৰোহী নিহত হয়। মাকুম পথৰ থাৰ্মেল গে'টৰ সমীপত সংঘটিত এই পথ দুৰ্ঘটনাৰ সবিশেষ জানিব পৰা মতে মাকুম দিশৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা এ এছ ২৩ ৯৪৪৬ নম্বৰ দ্ৰুতবেগী ট্ৰাকখনে একেদিশৰ পৰা অহা এ এছ ২৩ কিউ ৪১৫১ নম্বৰৰ গ্লেমাৰ মটৰচাইকেলত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ।

ফলত মটৰচাইকেলৰ আৰোহী মামনি চৌধুৰী (২৬) থিতাতে নিহত হয় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনজন আৰোহী বিমাণ চক্ৰৱৰ্তী (৩৬)ক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ নিহত যুৱতীগৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, নিহত যুৱতীগৰাকীৰ ঘৰ হোজাই জিলাৰ লংকাত। আনহাতে, নিহত বিমাণ চক্ৰৱৰ্তীৰ ঘৰ লামডিঙত। তেওঁলোক দুয়ো তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত আত্মীয়ৰ ঘৰত প্ৰাকবিবাহৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল। ইয়াৰ মাজতে দেওবাৰে দুয়ো মাকুম পথত থকা 'শিৱধাম' দৰ্শন কৰিবলৈ মটৰচাইকেলেৰে গৈছিল । আৰু উভতনি পথত দুৰ্ঘটনাটো সংঘটিত হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in