বিপদৰ বন্ধুহে প্ৰকৃত বন্ধুঃ তিনিচুকীয়াৰ ‘বিপদ বন্ধু বাহিনী’ৰ প্ৰশিক্ষণ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী…

বিপদৰ বন্ধুহে প্ৰকৃত বন্ধুঃ তিনিচুকীয়াৰ ‘বিপদ বন্ধু বাহিনী’ৰ  প্ৰশিক্ষণ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী…

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু- এই মন্তব্যৰে বৃহস্পতিবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত সম্পন্ন হোৱা ৬০ জনীয়া "বিপদ বন্ধু বাহিনী"ৰ প্ৰশিক্ষণ সামৰণি এক অনুষ্ঠানত ভাষন প্ৰসংগত  ৰাইজক উদ্দেশ্য কৰি এনেদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অনুষ্ঠানটোত মুখ্যমন্ত্ৰী গৰাকীয়ে বিপদ বন্ধু বাহিনীক ৰাইজৰ বাবে উৎসৰ্গা কৰে । বিপদ বন্ধু বাহিনীৰ স্বেচ্ছাসেৱক সকলে প্ৰাকৃতিক দুৰ্যোগ বা অগ্নিকাণ্ডৰ সময়ত ৰাইজৰ লগত থাকি সহায়ৰ হাত আগবঢ়াব ৷ ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, হঠাতে হোৱা প্ৰাকৃতিক দুৰ্যোগ অথবা আন আন দুৰ্যোগৰ সময়ত যথাসময়ত বাহিনী উপস্থিত নোহোৱালৈকে ৰাইজে নিজেই প্ৰাথমিক চিকিৎসা আৰু দুৰ্গতক উদ্ধাৰৰ তথা নিৰাপত্তাৰ দিশ সমূহ চোৱা চিতা কৰিব লাগিব ৷ প্ৰশিক্ষিত বিপদ বন্ধু বাহিনীৰ সদস্যই সমাজত দুৰ্যোগৰ সময়ত কৰিবলগীয়া সহায় আৰু এই দিশত ৰাইজৰ মাজত সজাগতা অভিযানত সহায় কৰিব – তেওঁ কয় ৷

অগ্নি আৰু আপদকালীন সেৱাৰ বিষয় ববীয়া সকলে বিপদ বন্ধু বাহিনীৰ ইতিমধ্যে ৰাজ্যৰ ১২০ গৰাকী সদস্যক প্ৰশিক্ষণ প্ৰদান কৰিছে ।এই ক্ষেত্ৰত আগভাগ লোৱা বিভাগৰ সঞ্চালক ভা়স্কৰ জ্যোতি মহন্ত আৰু কৰ্মীবৃন্দক তেওঁৰ ভাষণত ভূয়সী প্ৰশংসা কৰে ৷ প্ৰশিক্ষণৰ অন্তত আয়োজিত উক্ত অনুষ্ঠানত বিপদ বন্ধু বাহিনীৰ স্বেচ্ছাসেৱক সকলে বৃহস্পতিবাৰে এক মগ ড্ৰিলও প্ৰদৰ্শন কৰে ।

ৰাইজৰ সুবিধাৰ্থে বৃহস্পতিবাৰে মবাইল এপ এটাও মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সকল ক্ৰমে সঞ্জয় কিষান, ভাস্কৰ শৰ্মা, সুৰেণ ফুকন, বলীন চেতিয়া, ঋতুপৰ্ণ বৰুৱা, তেৰশ গোৱলাৰ লগতে ডি আই জি প্ৰশান্ত কুমাৰ ভূঞা আৰু অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক সঞ্চালক প্ৰানজিত ডেকা  উপস্থিত থাকে।

আনহাতে উক্ত অনুষ্ঠানত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পোষ্টৰ  মোহন, কে কে আৰু আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰা শিল্পী তিনিগৰাকীও উপস্থিত থাকে ৷উল্লেখযোগ্য যে, বিপদ বন্ধু বাহিনীৰ প্ৰশিক্ষাৰ্থী সকলক তথা কলেজ/স্কুলত শিল্পী কেইজনে সজাগতাৰ ওপৰত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা বুলিও সদৰি কৰা হয় ৷ 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in